কাৰ্বি-আংলং

হাওৰাঘাটৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত কাৰ্বি পৰিষদৰ CEM তুলিৰাম ৰংহাং

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত দেওবাৰে হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন প্ৰেক্ষাগৃহত শিশু শিক্ষা সমিতি,অসম,কাৰ্বি আংলং জিলাৰ ডিফু সংকুল আৰু হাওৰাঘাট সংকুলৰ দ্বাৰা আয়োজিত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷

সভাত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিশু শিক্ষা সমিতিৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ নিকেতন সমূহৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ লগতে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক প্ৰবেশ পৰীক্ষা (NEET) আৰু ( JEE), অসম লোক সেৱা আয়োগ (APSC) পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷

সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ',বিধায়ক দৰছিং ৰংহাং, কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য মধুৰাম লেকথে, বিশ্ব হিন্দু পৰিষদৰ পূৰ্বাঞ্চলীয় প্ৰান্তৰ মন্ত্ৰী হাৰছিং টেৰণ, উপাধ্যক্ষ অজিত কুমাৰ দে' ৰ লগতে পৰিচালনা সমিতিৰ সদস্য- সদস্যা সকল, ডিফু, ফুলনি,খেৰণি,আকাশীগঙ্গা আৰু বোকাজান বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য সকল উপস্থিত থাকে ৷

কাৰ্যসূচীৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত পৰিচালনা সমিতিৰ তৰফৰ পৰা অভ্যাগত সকলক গামোচাৰে আদৰণি জনোৱা হয় ৷ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙক পৰিচালনা সমিতিৰ সভাপতিয়ে শৰাই,গামোচাৰে আদৰণি জনায়৷ ইয়াৰ পিছত মূল কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য বিমল ধৰে।

সভাত কাৰ্যসূচীৰ আঁত ধৰে পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই ৷ ইয়াৰ পিছত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা এ পি এচ চি পৰীক্ষাত উত্তীৰ্ণ আল্পনাৰাণী দাস, বনানী লস্কৰ,সীমান্ত টেৰাং আৰু NEET ৰ দীপিকা দাস,মুনমুন শইকীয়া, জি'(JEE )ৰ অমন দাস, ঋষিকেশ আদিত্য গগৈ আৰু উচ্চতৰ মাধ্যমিকৰ কৃষ্ণালীনা কলিতাক মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে সম্বৰ্ধনা জনায়।পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰী সকলক অভ্যাগত অমৰচিং তিছ', দৰচিং ৰংহাং, ৰিচাৰ্ড টকবি, হাৰচিং টেৰণ, অজিত কুমাৰ দে, প্ৰধান আচাৰ্য্য সকল আৰু হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন পৰিচালনা সমিতিৰ সদস্য সকলৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ৷