কাৰ্বি-আংলং

পণ্ডিতঘাটত অমৰছিং তিছ'ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে তুলিৰাম ৰংহাঙে

Asomiya Pratidin

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পণ্ডিতঘাটত শুকুৰবাৰে শাসকীয় বিজেপি দলৰ ৩ নং ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং তিছ'ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰংহাঙে চৰকাৰৰ অৰুণোদয় আঁচনিকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে অমৰছিং তিছ'ক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

সভাত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙেও ভাষণ দিয়ে। উক্ত সভাত ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰছিং তিছ', সাংসদ হৰেণছিং বে', কাৰ্যবাহী সদস্য ৰিতেশ ইংহিকে ধৰি বহুকেইজন কাৰ্যবাহী সদস্য আৰু অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।