অসম

কাৰ্গিল যুদ্ধত অংশগ্ৰহণকাৰী সেনাক ব্যাপক আদৰণি…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভাৰতীয় সেনাবাহিনীৰ প্ৰতি সাধাৰণ ৰাইজৰ কেনে ধৰণৰ সন্মান আৰু সদ্ভাৱ , সেয়া আজি কোকৰাঝাৰত প্ৰমান কৰি দেখুৱালে সাধাৰণ ৰাইজে । কোকৰাঝাৰ সদৰ চহৰৰ ডিয়াঝিজৰী গাঁৱৰ বাসিন্দা সুৰেশ চন্দ্ৰ নাথে সূদীৰ্ঘ ২৬ বছৰ সেনাবাহিনীত চাকৰি কৰাৰ পিছত ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে। অন্তিম কৰ্মস্থলী ৰাজস্থানৰ পৰা অৱসৰ কৰাৰ পিছত আজি স্বগৃহ কোকৰাঝাৰৰ ডিয়াঝিজৰী গাঁৱত উপস্থিত হয়।

কেবাখনো গাঁৱৰ ৰাইজে সুৰেশ চন্দ্ৰ নাথক বালাগাঁওৰ জেডি পথতে বিপুল আদৰণি জনাই তাৰ পৰাই প্ৰায় দুই কিলোমিটাৰ ৰাস্তা বৃহৎ সমদলেৰে , নাচি -বাগি -বেণ্ড পাৰ্টী বজাই ,ফটকা ফুটাই ঘৰলৈ আদৰ আনে। মহিলা সকলে নাথ -যোগীৰ জনজাতীয় সাজ পৰিধান কৰি অতি উৎসাহেৰে অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ হাবিলদাৰ সুৰশ চন্দ্ৰ নাথক আদৰি আনে।

সূদীৰ্ঘ ২৬ বছৰে দেশমাতৃৰ সেৱা কৰি অৱসৰ লোৱা সুৰেশ চন্দ্ৰ নাথ কাৰ্গিল যুদ্ধতো অংশগ্ৰহণ কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তত দেশমাতৃৰ হৈ সেৱা আগবঢ়োৱা সুৰেশ চন্দ্ৰ নাথ ১৯৯৬ চনৰ ২৯ আগষ্টত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল আৰু সেনাবাহিনীৰ ৬১৬ নং Electric Mechanic Engineer (EME) বেটেলিয়নৰ পৰা অৱসৰগ্ৰহণ কৰে ।
অন্যহাতে ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰ সুৰশ চন্দ্ৰ নাথে আজি সংবাদ মাধ্যমৰ আগত ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি মন্তব্য কৰি প্ৰতিটো পৰিয়ালৰ কমেও এগৰাকী সদস্যই ভাৰতীয় সেনাবাহিনীত যোগদান কৰা উচিত বুলি মন্তব্য কৰে । তেওঁক অঞ্চলটোৰ ৰাইজে স্বতঃস্ফুৰ্তভাৱে আদৰণি জনোৱাত সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে ।