karimganj ganja 
অসম

কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা। ৩,২৪৩ কেজি গাঞ্জা জব্দ কৰে চুড়াইবাৰী আৰক্ষীয়ে। উল্লেখ্য যে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গাঞ্জা সৰবৰাহকাৰীৰ সংখ্যা।

আগৰতলাৰ গুলবজাৰৰ পৰা গুৱাহাটীলৈ গাঞ্জাখিনি সৰবৰাহৰ সময়তে জব্দ কৰে আৰক্ষীয়ে। NL01 Q5050 নম্বৰৰ ট্রাকেৰে সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটক কৰিছে ট্রাকখনৰ চালককো।