কৰিমগঞ্জ

কাছাৰত শিলৰ কোৱেৰীৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নিলে ৩ চালকক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাছাৰৰ শিলৰ কোৱেৰীত সংঘটিক হৈছে এক চাঞ্চল্যকৰ ঘটনা। অচিনাক্ত বন্দুকধাৰীয়ে অপহৰণ কৰি নিলে পৰা ৩জনকৈ চালকক। কাছাৰ–ডিমা হাছাওৰ সীমামূৰীয়া জয়পুৰ আয়নাছড়া শিলৰ কোৱেৰীত সংঘটিত হৈছে এই ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, কোৱেৰীৰ ভিতৰত কেইবা ৰাউণ্ডো গুলী চলাইছিল দুৰ্বৃত্তৰ দলটোৱে। গুলীচালনা কৰাৰ পাছতে অপহৰণ কৰা হয় চালককেইজনক।

জানিব পৰামতে, অপহৃত চালক ৩জনৰ ২জন এক্সকেভেটৰ চালক আৰু আন এজন ডাম্পাৰ চালক। ২জন চালকৰ ঘৰ উদাৰবন্দত আৰু আন এজনৰ ঘৰ আয়নাছড়াত।

এই ঘটনাৰ ফলত বৰ্তমান সমগ্ৰ অঞ্চলটোতে তীব্র আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে চালক ৩জনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।