বাংলাদেশলৈ সৰবৰাহৰ সময়তে কাছাৰ -কৰিমগঞ্জত ৯ টা গৰু-ম'হ জব্দ BSFৰ 
কৰিমগঞ্জ

বাংলাদেশলৈ সৰবৰাহৰ সময়তে কাছাৰ -কৰিমগঞ্জত ৯ টা গৰু-ম'হ জব্দ BSFৰ

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: চোৰাং ভাবে বাংলাদেশলৈ সৰবৰাহৰ সময়ত কৰিমগঞ্জ আৰু কাছাৰত ৯ টা গৰু-ম'হ জব্দ কৰিছে বিএছএফে। দুটা পৃথক অভিযানত এই ৯ টা পশু ধন জব্দ কৰাৰ লগতে চাৰিজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰে নিশা কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি বাংলাদেশ সীমান্তৰ কুৰিখালত অভিযান চলাই বিএছএফ আৰু আৰক্ষীয়ে ৫ টা চোৰাং গৰু জব্দ কৰে।‌ এখন মাৰুতী ছুপাৰ কেৰী বাহনত বাংলাদেশ সীমান্তলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয় গৰু কেইটা।‌ গৰু জব্দ কৰাৰ লগতে বাহন খনৰ চালক কুৰিখালৰ‌ জিয়াউল হক চৌধুৰী (৪৯)ক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে,শনিবাৰে কাছাৰ জিলাৰ গুমৰা এলেকাৰ চণ্ডীপুৰৰ পৰা ৪ টা চোৰাং ম'হ জব্দ কৰে বিএছ এফৰ আন এটা দলে। এখন ( টাটা এ চি ই) বাহনত বাংলাদেশ সীমান্তলৈ সৰবৰাহৰ সময়ত বিএছএফে জব্দ কৰে ম'হ কেইটা।‌

ম'হ সৰবৰাহৰ অভিযোগত বিএছএফে তিনি জন চোৰাং ব্যৱসায়ীক আটক কৰে। ধৃত লোক কেইজন হাইলাকান্দি জিলাৰ নিতাইনগৰৰ তৰুল আহমদ (২৫ ),ফয়জুল হক (৬৫) আৰু কালাইন জালালপুৰৰ নাইকুদ্দিন (৩২) । পিছত জব্দ কৰা গৰু ম'হ কেইটা ক্ৰমে কৰিমগঞ্জ আৰু গুমৰা আৰক্ষীক গতাই দিয়া হয় বুলি জানিবলৈ দিয়ে বিএছএফে।

বিএছএফৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, মিজোৰাম আৰু কাছাৰ সীমান্তৰ বি এছ এফে চোৰাং সামগ্ৰীৰ বিৰুদ্ধে সদা জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি আহিছে। ২০২৪ চনৰ জানুৱাৰীৰ পৰা আজিলৈ বাংলাদেশলৈ চোৰাংভাবে সৰবৰাহ কৰিবলৈ অনা মুঠ ৮৭ টা পশু ধন জব্দ কৰিবলৈ সক্ষম হৈছে বিএছএফে। কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ পৰা জব্দ কৰা হয় এই ৮৭ টা গৰু-ম'হ।