কৰিমগঞ্জ

সুৰাসক্ত বাছ চালকৰ বাবে দুৰ্ঘটনাঃ পথাৰত বাগৰি পৰিল যাত্ৰীবাহী বাছ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে কৰিমগঞ্জৰ আছিমগঞ্জ এলেকাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বাছ। আনিপুৰ আছিমগঞ্জ পথৰ পূৰ্বগুল এলেকাত নিয়ন্ত্ৰণ হেৰুৱাই খেতিপথাৰ বাগৰি পৰে যাত্ৰীবাহী বাছখন।

জানিব পৰা মতে এএছ১১বিচি০১৭৬ নম্বৰৰ আল্ট্ৰা বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত প্ৰায় ২৫গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। নিভিয়া বজাৰৰ পৰা কৰিমগঞ্জ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চালকগৰাকী মদ্যপান কৰি বাছ চলোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে ।