কৰিমগঞ্জ

বাল্য বিবাহ : বিবাহস্থলীৰ পৰা পলাল পিতৃ-মাতৃ

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্য়ত পুনৰ সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে ইতিমধ্যে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। এনে সময়তে কৰিমগঞ্জ জিলাত সংঘটিত এই কাণ্ডই অঞ্চলটোৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰামতে উত্তৰ কৰিমগঞ্জৰ এখন ভিতৰুৱা গাঁৱত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা। শিশু সুৰক্ষা সংস্থা আৰু স্থানীয় আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এই ঘটনা পোহৰলৈ আনে।

পোহৰলৈ অহা তথ্য অনুসৰি অঞ্চলটোৰ এগৰাকী নাবালিকা কন্যা সন্তানক তেওঁৰ অভিভাৱকে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ এজন দৰাৰ লগত বিয়াৰ আয়োজন কৰিছিল। কিন্তু বিশেষ সূত্ৰে আৰক্ষীয়ে এই খবৰ লাভ কৰি বিবাহস্থলীত উপস্থিত হৈ নবালিকাগৰাকীক উদ্ধাৰ কৰে।

সম্প্ৰতি ভুক্তভোগী কন্যাগৰাকীক এটি আশ্ৰয় কেন্দ্ৰত ৰখা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে বিবাহস্থলীত আৰক্ষী অহাৰ উমান পাই দুয়োপক্ষৰ পিতৃ-মাতৃ পলায়ন কৰে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।