কৰিমগঞ্জ

কৰিমগঞ্জত ১০০ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ

Asomiya Pratidin

ডিজিটেল ডেস্ক: কৰিমগঞ্জত মঙলবাৰে ১০০ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰা হৈছে। মহিলাসহ ৪জন সৰবৰাহকাৰীক আটক কৰিছে অসম আৰক্ষীয়ে। তেওঁলোক হৈছে ধৃত নুৰ আহমেদ, জাওচাং নিয়ানি, ৰামং হাকা আৰু লালচাম লিয়ানা।

উক্ত ঘটনাৰে জড়িতৰ অভিযোগত কেউগৰাকী সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, বিশেষ টাস্ক ফ'ৰ্চ (এছ টি এফ) অসম আৰু কৰিমগঞ্জ আৰক্ষীৰ যুটীয়া অভিযানত মঙলবাৰে দুপৰীয়া নীলম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত সুপ্ৰকান্দি এলেকাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।

হেৰ'ইনখিনি জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে এম জেড ০৬ এ ১৪২২ । মিজোৰামৰ পৰা সৰবৰাহ কৰা হৈছিল অবৈধ সামগ্ৰীখনি। উল্লেখযোগ্য যে অসম আৰক্ষীৰ অভিযাকাৰী দল দুটিক নেতৃত্ব দিছিল ডি আই জি পাৰ্থসাৰথি মহন্ত আৰু এছ পি পাৰ্থ প্ৰতিম দাসে। জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১০০ কোটি টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।