পুখুৰীত ডুবি একে পৰিয়ালৰ দুই ভগ্নীৰ কৰুণ মৃত্যু... 
কৰিমগঞ্জ

পুখুৰীত ডুবি একে পৰিয়ালৰ দুই ভগ্নীৰ কৰুণ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ কৰিমগঞ্জঃ কৰিমগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুখুৰীৰ পানীত ডুবি মৃত্যু হৈছে একেটা পৰিলায়লৰ দুগৰাকীকৈ কন্যা সন্তানৰ। মৃত কন্যা শিশু দুটিৰ নাম ইয়াছমিন চুলতানা আৰু সুহাদা আখতাৰ। ইয়াৰে ইয়াছমিনৰ বয়স ১১ বছৰ আৰু সুহাদাৰ বয়স ৭ বছৰ। দুয়ো সম্পৰ্কীয় ভগ্নী।

জানিব পৰা মতে কৰিমগঞ্জৰ অনিপুৰৰ সমীপৰ হুলাছনগৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। ১৩ ছেপ্টেম্বৰ, ২০২৩ বুধবাৰে বিহাইৰদলা গাঁৱৰ আলী হুছেইন নামৰ লোকজনে তেওঁৰ পত্নীক অসুস্থতাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল।

যাৰ বাবে তেওঁলোকৰ ১১ বছৰীয়া কন্যা ইয়াছমিনক হুলছানগৰৰ ককাকৰ ঘৰত থৈ যায়। ইয়াৰ পাছতে বিয়লিৰ ভাগত ইয়াছমিন আৰু ৭ বছৰীয়া সুহাদাই পৰিয়ালৰ আন লোকৰ অজ্ঞাতে ঘৰৰ পাছফালে থকা পুখুৰীত গা ধুবলৈ যায়।

ইয়াৰ পাছতে দুয়ো ভগ্নী পুখুৰীৰ পানীত ডুব যায়। ইফালে বহু সময় ধৰি ঘৰত দুয়ো ভগ্নীক দেখা নাপায় পৰিয়ালৰ সদস্যসকলে বিচাৰি চলাথ কৰাৰ সময়তে পুখুৰীৰ পানীত তেওঁলোকৰ ছেণ্ডেল উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

ইয়াৰ পাছতেই পুখুৰীত নামি দুয়োৰে সন্ধান চলোৱাত দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ৰাতাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এইদৰে শিশু দুটিৰ মৃত্যুত গাওঁখনত শোকৰ ছাঁ পৰিছে।