কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতাঃ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ উৎখাত 
কৰিমগঞ্জ

কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতাঃ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰ উৎখাত

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: আন্তঃৰাজ্যিক গাড়ীৰ‌ চোৰ‌ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে কাছাৰ আৰক্ষীয়ে। কৰিমগঞ্জ আৰু কাছাৰৰ এটা বৃহৎ গাড়ীচোৰ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

যোৱা ৯ ডিচেম্বৰত কৰিমগঞ্জৰ মিঠু বিশ্বাস নামৰ এজন চালকৰ মৃত্যু আৰু গাড়ী চুৰিৰ ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে যোৱা দুদিনত পাঁচজন আন্তৰ্জাতিক গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে মিঠু বিশ্বাস নামৰ চালক জনৰ চুৰি হোৱা ৱাগনআৰ গাড়ীখনো মিজোৰামৰ আইজলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কাছাৰ আৰক্ষী।

যোৱা ১০ ডিচেম্বৰত শিলচৰ ৰামনগৰ বাইপাছত অজ্ঞান অৱস্হাত শিলচৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল চালক মিঠু বিশ্বাসক। উদ্ধাৰৰ পিছত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ নিয়া হয় যদিও তাতে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে ৯ ডিচেম্বৰ বিয়লি কুখ্যাত গাড়ীচোৰ অৰুন দাসে যাত্ৰী সাজি মিঠুৰ ৱাগন আৰ’ গাড়ীখন ভাড়া কৰি শিলচৰৰ নিষিদ্ধ পল্লীলৈ লৈ আহিছিল । শিলচৰলৈ আহোতে পথত এখন ধাবাত মিঠুৰ খোৱা বস্তুৰ সৈতে কোনো নিচাজাতীয় সামগ্ৰীৰ খুৱাই তাক অজ্ঞান কৰিছিল।

পথত অৰুণৰ লগত আৰু গাড়ীত উঠিছিল আৰু দুজন গাড়ী চোৰ। ইয়াৰ পিছত শিলচৰ ৰামনগৰ বাইপাছত অচেতন মিঠুক উলংগ কৰি ৰাস্তাত পেলাই তেওঁৰ গাড়ীখন আইজললৈ নি তাতে বিক্ৰী কৰি দিয়ে আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰটোৱে।

আৰক্ষীয়ে এই ঘটনাত জড়িত থকা পাঁচজন গাড়ীচোৰক বিভিন্ন স্হানৰ পৰা গ্ৰেপ্তাৰ কৰে।চোৰ কেইজন- কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ অৰুণ দাস (৪০), পিণ্টু দাস (৩৩), পাথাৰকান্দিৰ জছিমুদ্দিন (২৮), কালিগঞ্জ ফতেহপুৰৰ আজিম উদ্দিন (৩০) আৰু শিলচৰ কনকপুৰৰ ৰাজু হুছেইন বৰভূঞা (২৩)।