কৰিমগঞ্জ

কৰিমগঞ্জ আৰক্ষীয়ে ধ্বংস কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,কৰিমগঞ্জ : কৰিমগঞ্জত প্ৰায় ৯৫ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰিলে কৰিমগঞ্জৰ আৰক্ষীয়ে। আদালতৰ নিৰ্দেশ অনুযায়ী শুকুৰবাৰে এই নিচাজাতীয় সামগ্ৰীখিনি ধ্বংস কৰে।

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন থানা এলেকাত আৰক্ষীয়ে জব্দ কৰিছিল নিচাজাতীয় সামগ্ৰী। যাৰ ভিতৰত আছে ১২.৪২০ কেজি হেৰ'ইন,৩,৮৭,১৫৭ টা য়াবা টেবলেট, ২,৪৭,৬৮৪টা বটল কফ চিৰাফ আৰু ৬০৫০.৯১১ কেজি গঞ্জা। যাৰ বজাৰ মূল্য প্ৰায় ৯৫ কোটি টকা হ'ব বুলি আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে কয়।