ROAD ACCIDENT  
কৰিমগঞ্জ

ভয়ংকৰ বাইক দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ১ জনে, ২ জনৰ অৱস্থা সংকটজনক

Asomiya Pratidin

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ ৰাতাবাড়িৰ হুলাছনগৰত সংঘটিত এক মৰ্মান্তিক বাইক দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজনে। আনহাতে আহত হয় দুজন।

জানিব পৰা মতে, দেওবাৰে নিভিয়া অঞ্চলৰ পৰা অনিপুৰ ৰেলৱে ষ্টেচনলৈ যোৱাৰ পথত হুলাচনগৰৰ সমীপত এই হৃদয়বিদাৰক দুৰ্ঘটনা সংঘটিত হয়।  দুল্লবছাৰা ৰেল ষ্টেচনৰ পৰা ৰেলখন গুচি যোৱাত  তিনি‌ বাইক আৰোহীয়ে খৰধৰকৈ পৰবৰ্তী ৰেল ষ্টেচনলৈ গৈ ৰেলত উঠিব বিচাৰিছিল। 

কিন্তু তেওঁ পৰবৰ্তী ষ্টেচন গৈ পোৱাৰ আগতেই হুলাছনগৰৰ কাষত  বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। ফলতে তিনি আৰোহী পথত বাগৰি পৰে। তিনি আৰোহীৰ মাজত এজন মাণিকচান্দ ৰবিদাসৰ থিতাতে মৃত্যু হয়।  তেওঁৰ ঘৰ দুল্লবছৰাৰ ওচৰৰ ফানাই চাহ বাগিচাত।  তাৰ লগতে আন দুজন আৰোহী সুদীপ উপাধ্যায় আৰু ব্ৰজেশ কোহাৰ গুৰুতৰভাৱে আহত হয়। 

স্থানীয় লোকে লগে লগে তেওঁলোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।  আহত দুজনৰ ভিতৰত সুদীপ উপাধ্যায় সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা আছে বুলি জানিব পৰা গৈছে।  ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰাতাবাৰী আৰক্ষী তাত উপস্থিত হৈ মৃতকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।