অসম

দুই পক্ষৰ মাজত হোৱা সংঘাতত প্ৰাণ গ'ল এজনৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ কচুৱা থানাৰ অন্তৰ্গত লংজাপ খেৰনিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুটা পক্ষৰ মাজত হোৱা সংঘাতত প্ৰাণ যায় এজনলোকৰ।

জানিব পৰা মতে বৃহস্পতিবাৰৰ নিশা পিলো পাটৰ আৰু প্ৰশান্ত ৰাভা নামৰ দুজন লোকৰ প্ৰচণ্ড মাৰপিট হয়। এই ঘটনাৰ ফলত প্ৰশান্ত ৰাভা গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধিন হ'বলগীয়া হয়।



তাৰপাছতে শুকুৰবাৰে প্ৰশান্ত ৰাভাই চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। কিহৰ কাৰণে তেওঁলোকৰ মাজত সংঘাত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে অভিযুক্ত পিলু পাটৰক আটক কৰিছে আৰক্ষীয়ে। দুয়োৰে ঘৰ কচুৱা থানাৰ অন্তৰ্গত লংজাপ খেৰনিত বুলি জনা গৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।