অসম

কচুৱা লুটুমাৰী গড়কপ্তানি পথৰ দৰৱস্থাঃ সাংসদ-বিধায়কৰ ভূমিকাত ৰাইজৰ ক্ষোভ

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ বাৰিষা নহয়,খৰালীতে এটা পথত দুৰ্ভোগ ভুগিছে ৰাইজে। জনপ্ৰতিনিধক বহুবাৰ আবেদন নিবেদন কৰিও নাপালে সুফল। উল্লেখ্য যে নগাঁও জিলাৰ ৰহা বিধান সভা সমষ্টিৰ অন্তৰ্গত সৰ্ব বৃহৎ গৰুবাট মৌজাৰ কচুৱা তিনিআলি বজাৰৰ পৰা লুটুমাৰী চাৰিআলি বজাৰলৈ যোৱা গড়কাপ্তানি পথটো জৰাজীৰ্ণ হৈ পৰিছে ।

পশ্চিম কাৰ্বিআংলঙৰ লগতে হোজাই জিলাক সংযোগ কৰা এই পথৰে হাজাৰ হাজাৰ জনগণৰ যাতায়তৰ মূল পথটোৰ দুৰৱস্থাই ৰাইজক জ্বলা-কলা খুৱাইছে ।কচুৱা মডেল ,লুটুমাৰী প্ৰাথমিক স্বাস্থ কেন্দ্ৰ, কচুৱা আৰক্ষী থানা, স্কুল কলেজলৈ জনগণ আৰু ছাত্ৰ ছাত্ৰী যাবলৈ নৰক যন্ত্ৰণা ভুগীব লগা হয়। এজাক বৰষুণ দিয়াৰ লগে লগে কচুৱা বজাৰৰ পৰা কচুৱা মডেল হস্পাতাললৈ ককাল সমান পানী জমা হৈ সাগৰ সদৃশ অৱস্থাৰ সৃষ্টি হয় ।

ৰাইজে নগাঁও সংসদীয় সমষ্টিৰ সাসংদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়ক শশীকান্ত দাসক বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো সদা ব্যস্ত পথটো পুনৰ নিৰ্মাণৰ কোনো ধৰনৰপদক্ষেপ গ্ৰহণ নকৰিলে। ৰাইজৰ অভিযোগ পাঁচ বছৰ কাৰ্যকাল শেষ কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আচঁনিৰ অধীনত পথটো নিৰ্মান কৰাৰ সুবিধা আছিল যদিও সাংসদ জনে কোনো পদক্ষেপ হাতত নল'লে। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহাৰ সময়ত পথটোক লৈ ৰাইজৰ ক্ষোভৰ উদগিৰন হোৱাৰ সম্ভৱনাই দেখা দিছে।