মুকালমুৱাৰ ধাননি পথাৰত কৃষি বিভাগৰ কাতি বিহু পালনঃ প্ৰগতিশীল কৃষকক সন্মান... 
অসম

মুকালমুৱাৰ ধাননি পথাৰত কৃষি বিভাগৰ কাতি বিহু পালনঃ প্ৰগতিশীল কৃষকক সন্মান...

Asomiya Pratidin

ডিজিটেল সংবাদ দৌলাশালঃ আজি ৰাজ্যজুৰি পালন কৰা হৈছে কাতি বিহু ৷ অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ এই কাতি বিহুত অসমীয়াৰ বাট-চোতাল আলোকৰ পোহৰেৰে উজ্বলি উঠিছে ৷ চঁহা জীৱনৰে জড়িত কৃষকসকলে ধাননি পথাৰত বন্তি জ্বলাই উদযাপন কৰিছে হেঁপাহৰ কাতি বিহু ৷

সমান্তৰালভাৱে ৰাজ্যৰ কৃষি বিভাগেও উদযাপন কৰিছে হেঁপাহৰ কাতি বিহু ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ মহকুমা কৃষি বিভাগৰ প্ৰতিটো প্ৰান্ততে স্থানীয় কৃষকসকলৰ সহযোগত উলহ-মালহেৰে উদযাপন কৰিছে কাতি বিহু ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰতলাস্থিত মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ে জয়সাগৰ-বৰতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত টেঘেৰিয়াট্টাৰীৰ ধাননি পথাৰত বন্তি প্ৰজ্বলন, আকাশ বন্তি, আয়তীৰ নাম প্ৰসংগেৰে অতি উলহ মালহেৰে উদযাপন কৰিছে কাতি বিহু ৷

কাতি বিহুৰ লগত সংগতি ৰাখি বৰতলাস্থিত মহকুমা কৃষি বিভাগৰ কৃষি বিষয়া অন্তৰা কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হয় বিশেষ সজাগতা সভা ৷ মহকুমা কৃষি বিভাগৰ সহকাৰী কৃষি পৰিদৰ্শক ক্ৰমে ৰহমান আলী আৰু ওৱাইদুল হকে আঁত ধৰা সভাখনত বৰতলা, চান্দা, কাপলাবড়ি, ৰামপুৰ, দৌলাশাল, জয়সাগৰ, মুকালমুৱা, লোহাৰকাঠা, ঘোগা ইত্যাদি গাঁৱৰ দুই শতাধিক কৃষক ৰাইজ উপস্থিত থাকে ৷

কৃষকৰ বিভিন্ন অভিলাষী আঁচনি সম্পৰ্কত কৃষক ৰাইজক জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাত বৰক্ষেত্ৰীৰ বিভিন্ন গাঁৱৰ কুৰিগৰাকী প্ৰগতিশীল কৃষকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ কাতি বিহুৰ লগত সংগতি ৰাখি ধাননি পথাৰত অনুষ্ঠিত কৰা কৃষক সজাগত সভাখনত মহকুমা কৃষি বিষয়া আবুল হুছেইন উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিকে ধৰি বিভিন্ন কৃষক আঁচনি সম্পৰ্কত ভাষণ প্ৰদান কৰে৷

আন এগৰাকী মহকুমা কৃষি বিষয়া (কুঁহিয়াৰ) ঘনশ্যাম দাসে সভাত উপস্থিত কৃষক ৰাইজক উদ্দেশ্যি প্ৰাকৃতিক কৃষিৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ সভাত কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তা ৰমেন দাসে চৰকাৰে কৃষকৰ বাবে যোগান ধৰা বিভিন্ন সা-সঁজুলি সম্পৰ্কত ভাষণ প্ৰদান কৰাৰ উপৰিও কাতি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা সম্পৰ্কত ভাষণ প্ৰদান কৰে ৷

অনুষ্ঠানটোত মুকালমুৱা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মৌচুমী ঠাকুৰ, ৰামপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ধৃতিস্মান শইকীয়া, মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী, জয়সাগৰ-বৰতলা গাঁও পঞ্চায়তৰ সভানেত্ৰী জুৰি বৈশ্য, বিজেপি নেতা ৰুবুল আলীৰ উপৰিও অঞ্চলটোৰ দুই শতাধিক কৃষক উপস্থিত থাকে ৷ অনুষ্ঠানটোত অঞ্চলটোৰ চাৰিটাকৈ আত্ম সহায়ক গোটৰ মহিলা সকলে নাম প্ৰসংগ অনুষ্ঠিত কৰি অনুষ্ঠানটো ভক্তিৰসত বুৰাই পেলায় ৷