‘সেই জন্তুটোৰ নাম কি’ ৰ বাবে নিলীম কুমাৰলৈ কাব্য সাহিত্য বঁটা... 
অসম

‘সেই জন্তুটোৰ নাম কি’ ৰ বাবে নিলীম কুমাৰলৈ কাব্য সাহিত্য বঁটা...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাওঁঃ ২০২০ চনত নিপীড়িত, শোষিত আৰু অৱহেলিত লোকৰ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰা এটকীয়া আলোচনী ৰাজপথৰ কবিতাই বিশিষ্ট কবি নীলিম কুমাৰৰ কাব্যগ্ৰন্থ "সেই জন্তুটোৰ নাম কি?" গ্ৰন্থলৈ আগবঢ়াব অসমীয়া কাব্য সাহিত্য বঁটা ২০২৪

অসমীয়া জাতিৰ বিবেকস্বৰূপ ড° হীৰেণ গোহাঁয়ে দেওবাৰে বিয়লি ৩ বজাত কবিগৰাকীক এই বঁটা প্ৰদান কৰিব বুলি প্ৰকাশন সমিতিৰ সভাপতি প্ৰয়াগ শইকীয়া সম্পাদক কবিন পাটৰে জনাইছে। সেই জন্তুটোৰ নাম কি শীৰ্ষক কাব্যগ্ৰন্থৰে সমাজখনৰ ভণ্ড শাসকৰ স্খলিত ব্যৱস্থাটোক উদঙাই তুলিবলৈ সক্ষম হোৱা কবি নীলিম কুমাৰক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে। হীৰেন গোহাঁইৰ ঘৰতে প্ৰদান কৰা হব এই বটাঁ।

উল্লেখ্য যে ১৯১৭ চনত আৰম্ভ হোৱা ৰুচ বিপ্লৱৰ সৰ্বব্যাপী আদৰ্শক সাৰোগত কৰিয়েই সমগ্ৰ বিশ্বতে প্ৰগতিবাদী সাহিত্য চৰ্চা আৰম্ভ হৈছিল।লুই টলষ্টয়,মেক্সিম গৰ্কি,ডষ্টয়েভস্কি আদি আছিল এই প্ৰগতিবাদী সাহিত্যৰ বাটকটীয়া।১৯৩৬ চনত মুন্সি প্ৰেমচান্দৰ নেতৃত্বত ভাৰতত প্ৰগতিশীল সাহিত্য চৰ্চা আৰম্ভ হৈছিল।মুল্কৰাজ আনন্দ, প্ৰেমচান্দ, কৃষাণ চন্দ আদি সাহিত্যিকে ভাৰতীয় সাহিত্যলৈ মাৰ্ক্সীয় দৰ্শনৰ আমদানি কৰিছিল৷অসমত চল্লিশৰ দশকত 'জয়ন্তী' আলোচনীয়ে প্ৰগতিশীল সাহিত্যৰ ধাৰাটো কঢ়িয়াই আনিছিল।

অৱশ্যে ইয়াৰ পূৰ্বে 'আৱাহন' আলোচনীত একাংশই চেগা চোৰোকাকৈ প্ৰগতিশীল সাহিত্য চৰ্চা কৰিছিল।কিন্তু জয়ন্তীৰ পাতত কবি সকলে সামাজিক চিন্তা-চৰ্চাৰে উজ্জীৱিতহৈ শোষিত নিস্পেষিত সকলৰ হৃদয়ৰ ভাষাক কবিতালৈ ৰূপান্তৰিত কৰিছিল।সেই সময়তে ভবানন্দ দত্তই লিখা 'ৰাজপথ' নামৰ কবিতাটো বহুল ভাবে চৰ্চিত হৈছিল।য'ত উল্লেখ আছিল-'পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান/..তাৰ তলতেই ফুট পাথত শূণ্য ভীক্ষা পাত্ৰলৈ শুই পৰা মৃতপ্ৰায় কঙ্কালৰ শাৰী..'।অসমীয়া সাহিত্য তথা কাব্য সাহিত্যত এই প্ৰগতিবাদী ধাৰাটোক পৰৱৰ্তী সময়ত কিছু আলোচনীয়ে 'জয়ন্তী' ৰ পদাংক অনুসৰণ কৰিয়েই চেগা চোৰোকাকৈ ধৰি ৰখাৰ প্ৰয়াস কৰিছিল।

কিন্তু ই ব্যাপক হোৱা নাছিল।ডঃ হীৰেন গোহাঁই সম্পাদিত নতুন পদাতিক আৰু নতুন সাহিত্য পৰিষদ 'নতুন পৃথিৱী'য়ে প্ৰগতিশীল সাহিত্যৰ ধাৰাটো বহন কৰিছিল।শেহতীয়াকৈ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নাগৰিকত্ব (সংশোধনী) আইন গৃহীত হোৱাত এই আইন বিৰোধিতা কৰি সমগ্ৰ অসম জুৰি তীব্ৰ আন্দোলন হয়।অসমৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহে।

এনে সময়তে কবিতাৰ জৰিয়তে শোষিত-নিস্পেষিত ৰাইজৰ পক্ষত মাত মাতিবলৈ আগবাঢ়ি আহে নগাঁৱৰ কেইজন মান বিশিষ্ট কবি,সাহিত্যিক তথা সাহিত্যানুৰাগী ব্যক্তি।এই সকলৰ ভিতৰত শিশুবন্ধু ৰূপে পৰিচিত দুলাল বৰাৰ তৎপৰতাত বিগত ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰকাশ পায় 'ৰাজপথৰ কবিতা' শীৰ্ষক এখন ক্ষুদ্ৰ আলোচনী।