প্ৰতীকি ফটো 
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ মৃত্যু, খাদ্যৰ অভাৱত প্ৰাণ যোৱাৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ যোৰহাটৰ পৰা জব্দকৃত হাতীৰ মৃত্যু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ মালিক পক্ষৰ অভিযোগ অনুসৰি খাদ্যৰ অভাৱত মৃত্যু হ’ল হাতীটোৰ৷

ইয়াৰ বিপৰীতে পশু চিকিৎসকৰ মতে দীৰ্ঘ দিনে পাহাৰৰ খাদ্য আৰু পৰিৱেশত থকা হাতীটোৰ খাদ্যভাষ সলনি হোৱাত পৰিমিত খাদ্য নোখোৱাৰ বাবে দুৰ্বল হৈ ৰোগাক্ৰান্ত হৈ পৰিছিল হাতীটো ৷ উল্লেখযোগ্য যে দীৰ্ঘ দিনে নাগালেণ্ডত থকা হাতীটো যোৰহাটলৈ আনি থকা অৱস্থাত মাউতসহ হাতীটো পৰে দুৰ্বৃত্তৰ কৱলত ৷

পাছত আৰক্ষীয়ে হাতীটো উদ্ধাৰ কৰি যোৰহাটৰ বন বিভাগক অৰ্পন কৰে ৷ যোৱা ৪ মাৰ্চত যোৰহাটৰ বন বিভাগে হাতীটো জব্দ কৰি আদালতৰ নিৰ্দেশ মতে অৰ্পন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ৷

প্ৰায় ৮ মাহ ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত থকা হাতীটো বুধবাৰে মৃত্যু মুখত পৰাত হতভম্ব হৈ পৰে হাতীৰ মাউতৰ লগতে মালিক পক্ষ ৷ তেঁওলোকৰ অভিযোগ হাতীটোক উপযুক্ত খাদ্য প্ৰদান নকৰাৰ বাবেই হাতীটোৰ মৃত্যু হয় ৷

এই সন্দৰ্ভত আইনৰ কাষ চপাৰ কথাও উল্লেখ কৰে মালিক পক্ষই ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসকে মৰোণোত্তৰ পৰীক্ষাৰ পাছত প্ৰকাশ কৰে যে বিভিন্ন কাৰণত ৰোগাক্ৰান্ত হৈ মৃত্যু হয় হাতীটোৰ ৷ইয়াকেলৈ মিহিমুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মালিক পক্ষই ৷