অসম

গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙাঃ কাজিৰঙাত গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ চূড়ান্ত মইমতালি।ক্ষমতাৰ অপব্যৱহাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াক প্ৰথমে ধমক তাৰ পিছত স্থানীয় কঁহৰা আৰক্ষীক বন বিষয়াগৰাকীক আটক কৰাৰ কাঢ়া নিৰ্দেশ।

হাতী চাফাৰীৰ বাবে আসন দিব নোৱাৰাৰ বাবেই বন বিষয়া তৰুণ গগৈক নিশা প্ৰায় ১১ বজাত কাজিৰঙাৰ দিৰিঙৰ নিজ বাসগৃহৰ পৰা আটক কৰি কহঁৰা আৰক্ষী চকীলৈ লৈ অনা হয়। উল্লেখ্যে যে আত্মীয়ৰ বাবে ৫ টা হাতীৰ চীট বিচাৰি বন বিষয়া তৰুণ গগৈৰে যোগাযোগ কৰিছিল আৰক্ষী অধীক্ষক ৰাজেন সিঙে। কিন্তু হাতীৰ চীট দিব নোৱাৰাৰ বাবেই টেলিফোনত বন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰাই নহয় অশ্লীল বাক্যবানো কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বন বিষয়া তৰুণ গগৈয়ে।

নিশা প্ৰায় ১১ বজাত আটক কৰাৰ পিছত তৰুণ গগৈক প্ৰায় চাৰি ঘন্টা সময় আৰক্ষী চকীতে থাকিবলৈ বাধ্য কৰাই যদিও অৱশেষত গোলাঘাট জিলা উপায়ুক্তৰ হস্তক্ষপত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। নিশা বন বিষয়াগৰাকীক নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি আৰক্ষী চকীলৈ অনা বিষয়টোৱে যথেষ্ট মনোকষ্ট দিয়াৰ লগতে মানসিক ভাৱে ক্ষতি কৰা বুলি কয় বন বিষয়া তৰুণ গগৈয়ে। SP ৰাজেন সিঙৰ এনে অসভ্যালিত মানসিকভাৱে ভাগি পৰে বন বিষয়া তৰুণ গগৈ।

উল্লেখ্যে যে যি সময়ত মুখ্যমন্ত্ৰীয়ে আৰক্ষীক জনহিত জনসেৱাৰ্থে ভাৱাৰ্থ উপলব্ধি কৰি দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই আহিছে। তেনে সময়তে এখন জিলাৰ এগৰাকী আৰক্ষী অধীক্ষকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ নোহোৱাত প্ৰকাশ পোৱা এনে আক্ৰোশে কি বাৰ্তা প্ৰেৰণ কৰিব সমগ্ৰ আৰক্ষী বিভাগলৈ। এনে আৰক্ষী বিষয়াক লৈ কিদৰে ৰাইজৰ সেৱা কৰিব পাৰিব অসম আৰক্ষীয়ে তাকে লৈ প্ৰশ্নৰ উদ্ৰেক হৈছে।