অসম

পৰ্যটন বিভাগৰ অতিথিশালাৰ অবিবেচকী কাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে পৰ্যটন বিভাগৰ অতিথিশালাৰ অবিবেচকী কাণ্ড ৷ অসাৰ প্ৰতিপন্ন হ’ল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্লাষ্টিক বিৰোধী আচঁনি ৷ কাজিৰঙাত খোদ চৰকাৰী পৰ্যটন নিবাসে লেতেৰা কৰিছে পৰিৱেশ‌। পৰ্যটন নিবাসৰ আৱৰ্জনা মুকলিকৈ পেলোৱাত সৃষ্টি হৈছে অস্বাস্থ্যকৰ পৰিৱেশৰ।

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ অৰণ্য ল'জ কৰ্তৃপক্ষৰ এই অবিবেচকী কাণ্ড। পৰ্যটন নিবাসৰ পৰা সৃষ্ট পেলনীয়া জাবৰ মুকলিলৈ পেলোৱাত কদৰ্যময় পৰিৱেশৰ সূচনা হৈছে । স্মৰ্তব্য যে অৰণ্য ল'জত জাবৰ নিষ্কাশনৰ বাবে স্থাপন কৰা হৈছিল "Solid Waste Management Centre"। কিন্তু মাত্ৰ কেইদিনমান সক্ৰিয় হৈ থকা এই লাখটকীয়া জাবৰ নিষ্কাশনৰ মেচিন এতিয়া বিকল হৈ পৰি ৰৈছে।

ফলত জাবৰে দম বান্ধিছে অৰণ্য ল'জৰ পিছফালৰ অঞ্চলটোত । উল্লেখ্যে যে উক্ত অঞ্চলটোত বান্দৰ, পহু, গাহৰিকে আদি কৰি বন্যজীৱই আশ্ৰয় গ্ৰহণ কৰা দেখা যায়। তেনেস্থলত পেলনীয়া প্লাষ্টিকৰ লগতে অন্য আৱৰ্জনাই ক্ষতি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বন্যজীৱৰ । কেৱল নামতহে পৰি ৰোৱা জাবৰ নিষ্কাশন মেচিন পুনৰ সক্ৰিয় কৰাৰ দাবী প্ৰকৃতিপ্ৰেমীৰ । স্মৰ্তব্য যে কাজিৰঙাৰ লেতেৰা, কদৰ্যময় পৰিৱেশৰ বিষয়টো ইতিমধ্যে স্থান পাইছিল অসম বিধানসভাতো । খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বিধানসভাত উত্থাপন কৰিছিল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ কদৰ্যময় পৰিৱেশৰ কথা।