অসম

কাজিৰঙাত পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধনেশ পক্ষী

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ ভিন্ন প্ৰজাতিৰ পক্ষীৰ আবাসভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম হ’ল ধনেশ পক্ষী ৷ আকৃতিগতভাৱে যথেষ্ট ডাঙৰ হোৱাৰ বাবে সহজেই দৃষ্টিগোচৰ হয় ধনেশ ৷ তদুপৰি ধনেশক আকৰ্ষণীয় কৰি তোলে ইয়াৰ ঠোঁট পাখি আদিৰ ৰং বোৰে ৷

এই বিশেষ প্ৰজাতিৰ পক্ষীৰ বিশেষত্ব হ’ল মতা ধনেশৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ববোধ৷ পৰিয়ালৰ খাদ্য যোগান তথা নিৰাপত্তাৰ দিশত দায়িত্ববোধৰ পৰিচয় দিয়ে মতা ধনেশে ৷ কণী পাৰিবলৈ গছৰ খোৰোং ঠিক কৰি দিয়াৰ ওপৰি পোৱালি ডাঙৰ নোহোৱা পৰ্যন্ত মাইকী জনীক খোৰোঙৰ বাহিৰৰ পৰাই খাদ্য যোগান ধৰে মতা ধনেশে ৷

কাৰণ এই সময়চোৱাত নিৰাপত্তাৰ বাবে খোৰোঙৰ মুখখন বন্ধ কৰি কেৱল মাইকী ধনেশৰ ঠোঁটতো উলিয়াব পৰাহে হৈ থাকে ৷ ধনেশ পক্ষীৰ এই বিশেষত্ব পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণীয় ৷উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তিনি প্ৰকাৰৰ ধনেশ পক্ষীৰ আৱাস স্থলী ৷