অসম

কাজিৰঙাৰ এজন যুৱকৰ চিত্ৰকলা তথা ভাস্কৰ্য শিল্পই মন মুহিব আপোনাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ চিত্ৰকলা তথা ভাস্কৰ্য শিল্পৰ নিৰৱ সাধক কাজিৰঙাৰ এজন যুৱক ৷বাল্যকালতে মনত থিতাপি লোৱা চিত্ৰকলাক জীৱনৰ লক্ষ্য হিচাপে লৈ কলিকতা বিশ্ববিদ্যালয়ত ভাস্কৰ্য শিল্পৰ স্নাতকোত্তৰ লাভ কৰা পাপু ঘোষ নামৰ যুৱকজনৰ হাতত প্ৰাণ পাই উঠিছে নিত্য নতুন সৃষ্টি ৰাজিয়ে৷

শিল্প কৰ্মত ব্যস্ত পাপু ঘোষে নিজ গৃহত ঘৰুৱা ব্যৱহাৰ্য পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰি লোৱা এখন বিশেষ গ্ৰীলে আকৰ্ষণ কৰে সকলোকে ৷ উচ্চ শিক্ষাৰ বাবে কলিকতাত থকাৰ সময়ত পাপুৱে নিজ হাতে কৰা ভাস্কৰ্য শিল্পৰ কিছু সৃষ্টিয়ে ঠাই পাইছে কলিকতাৰ অসম ভৱনত ৷

গুৱাহাটী চাৰু কলা মহাবিদ্যালয়ৰ পৰা ভাস্কৰ্য শিল্পৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা পাপু ঘোষৰ বাবে চিত্ৰকলা আৰু ভাস্কৰ্য শিল্প হৈ পৰিছে জীৱন অম্বেষনৰ পথ৷ শিল্পৰ সাধনাৰ মাজতে তেওঁ বিচাৰি পাইছে স্বাৱলম্বিতাৰৰ পথ।

শেহতীয়াকৈ তেখেতে অংকন কৰা কেইবাখনো ছবিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে সামাজিক মাধ্যমত ৷পাপু ঘোষৰ মতে কষ্ট আৰু অধ্যৱসায় থাকিলে ভাস্কৰ্য শিল্পও হ’ব পাৰে স্ব নিয়োজনৰ পথ ৷বৰ্তমান নতুন প্ৰজন্মৰ একাংশই চিত্ৰ কলাক আদৰি লৈছে ৷ পাপুৰ মতে ই এক শুভ লক্ষন ৷