অসম

কাজিৰঙা ভ্ৰমণ কৰি আপোনপাহৰা হৈ পৰিল মুম্বাইৰ পৰ্যটক

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙাঃ যান্ত্ৰিকতাৰে ভৰা মহানগৰীৰ প্ৰদূষণৰ বিপৰীতে কাজিৰঙাৰ মুকলি প্ৰাকৃতিক পৰিবেশত আপোনপাহৰা হৈ পৰিল মুম্বাইৰ পৰ্যটক ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি এডৰা শাকনিবাৰীত উপস্থিত হ’লহি মুম্বাইৰ পৰ্যটকৰ দল ৷

উল্লেখযোগ্য যে কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক অসমৰ কৃষিজাত শাক-পাচলি তথা ঔষধি গছৰ ধাৰনা দিয়াৰ পৰিকল্পনাৰে কাজিৰঙাৰ গোলাপ গগৈ নামৰ এজন পৰ্যটন উদ্যোগীয়ে আৰম্ভ কৰিছে এখন কৃষি পাম ৷ গোলাপ গগৈৰ এই কৃষি পৰ্যটনৰ পৰিকল্পনাক উষ্ম আদৰণি জনালে বহিৰাজ্যৰ পৰ্যটক সকলে৷

ৰঙালাউ,আলু ,কবি,সৰিয়হ,টেঙামৰাকে আদি কৰি বিভিন্ন শাক-পাচলিৰ মাজত এক নতুনত্ব লাভ কৰি পৰ্যটকৰ মন্তব্য- কৃষি পৰ্যটনৰ অধিক প্ৰসাৰতাৰ প্ৰয়োজন ৷ কিয়নো ৰাজ্যৰ লোকসংস্কৃতি তথা জনজীৱন প্ৰতিফলিত হয় কৃষি পৰ্যটনৰ যোগেদি ৷আনহাতে মুকলি আকাশৰ তলত স্থাপন কৰা টেণ্টৰ ভিতৰত নৈশ যাপন পৰ্যটক সকলৰ বাবে আন এক বিশেষ অভিজ্ঞতা ৷ পৰ্যটকৰ নৈশ যাপনৰ বাবে কৃষি পামৰ লগত গোলাপ গগৈয়ে One horn Rhino নামেৰে মুকলি আকাশৰ তলত সুন্দৰৈ নিৰ্মান কৰিছে কেইটামান টেণ্ট ৷