অসম

কাজিৰঙা পৰ্যটনত সংযোজিত হ'ব আকৰ্ষণীয় ভিনটেজ কাৰ ছাফাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙাঃ আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙা পৰ্যটনত সংযোজিত হ'ব আকৰ্ষণীয় ভিনটেজ কাৰ ছাফাৰী ৷গুৱাহাটীৰ অভিযন্তা পিকলু ডেকাৰ একক প্ৰচেষ্টাত ইতিমধ্যে কাজিৰঙাৰ গেলেকীত যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ হৈছে ট্ৰেজাৰ্ড হুইলছ মিউজিয়াম নামৰ ভিনটেজ কাৰৰ শ্বৰূম৷ য’ত থাকিব স্বাধীনতাৰ আগৰ আৰু পাছৰ বহু পৌৰাণিক বাহনৰ লগত আন বহু সামগ্ৰী ৷

পিকলু ডেকাৰ এই প্ৰচেষ্টাক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে উৎসাহিত কৰাৰ মানসেৰে ডিমৰীয়া ষ্টেলিয়নছ মটৰচাইকেল ক্লাৱে সংগ্ৰহালয় টোৰ চৌপাশে ৰূপন কৰে গছপুলি ৷গছপুলি ৰোপন কৰি সংগ্ৰহালয়ৰ চৌহদৰ পৰিবেশ আকৰ্ষণীয় কৰি তোলাৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰে ৷

ভাৰতত থকা এনে পাচটা সংগ্ৰহালয়ৰ অন্যতম কাজিৰঙাৰ এই সংগ্ৰহালয়টোৰ সৈতে জন্মলগ্নৰে পৰা জড়িত বাইকাৰছ ক্লাৱটোৱে নিজকে সৌভাগ্যবান বুলি কোৱাৰ লগতে কয় যে এদিন এই সংগ্ৰহালটো বিশ্বপটত জ্বিলিকি উঠিব ৷