অসম

বাঢ়নী পানীয়ে ধৰিব ভয়ংকৰ ৰূপ! খানদং বান্ধৰ ৭ খনকৈ শ্লুইচ গেট মুকলি...

Asomiya Pratidin

ডিজিটেল সংবাদ, লংকাঃ কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পৰ পাছত নেৰানেপেৰা বৰষুণৰ বাবে খুলি দিয়া হৈছে উমৰাংছৰ খানদং বান্ধৰ ৭ খনকৈ শ্লুইচ গেট ৷ নিশাৰে পৰা ক্ৰমাৎ বৃদ্ধি। যিকোনো সময়ত এই বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰন কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

ইফালে নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধিত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। ইতিমধ্যে প্ৰশাসনে ৰাইজক শংকিত হোৱাৰ বিপৰীতে ৰাইজ সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে।