অসম

সাহিত্যিক খগেশ্বৰ চেতিয়া ফুকনৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউৰ বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, সাহিত্যিক পেঞ্চনাৰ, সাহিত্যপ্ৰাণ উপাধিৰে বিভূষিত শ্ৰদ্ধাৰ খগেশ্বৰ চেতিয়া ফুকন দেৱৰ মঙলবাৰে পুৱা ১১ বজাত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৪ বছৰ ৷

উল্লেখ্য যে লাকুৱা নিবাসী চেতিয়া ফুকন লাকুৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁৰ মৃত্যুত ভালেসংখ্যক লোকে গভীৰ শোক প্ৰকাশ কৰিছে।