খটৰা সত্ৰত গোবিন্দ জয়ন্তী...  
অসম

খটৰা সত্ৰত গোবিন্দ জয়ন্তী...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মহাপুৰুষীয় ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ প্ৰতিষ্ঠাপক লেচাকোনীয়া শ্ৰীশ্ৰীগোবিন্দ আতাৰ আৱিৰ্ভাৱ তিথি দুদিনীয়াকৈ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত খটৰাত সত্ৰত আয়োজন কৰা হৈছে বুলি খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ মহন্তই জনাইছে ৷

কাৰ্যসূচীনুসৰি ২৪ ফেব্ৰুৱাৰীৰ পুৱা প্ৰাত প্ৰসংগ,৯ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন,১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা,১০:৩০ বজাত খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়ৰ স্থায়ী গৃহ নিৰ্মানৰ আধাৰশিলা,১১ বজাত কান্ত কলিতা আৰু উৰ্বশী কলিতা সোঁৱৰণি দধি মথন ভৱন শুভ উদ্বোধন,আৰু দুপৰীয়া ১২ বজাৰ পৰা ধৰ্মালোচনী সভা যাদৱ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ।বিয়লি ৫ বজাত সমূহীয়া ভক্তি বন্তি প্ৰজ্বলন আৰু নিশা ৮ বজাৰ পৰা খটৰা সত্ৰৰ সাংস্কৃতিক শাখাৰ শিল্পীবৃন্দৰ দ্বাৰা খুলীয়া ভাওৰীয়া প্ৰদৰ্শণ হ’ব ৷

দ্বিতীয় দিনা পুৱা ৫ বজাত প্ৰাত প্ৰসংগ,১০ বজাত গোবিন্দ চৰিত পাঠ,১১ বজাত সমূহীয়া নাম প্ৰসংগ,১২:৩০ বজাৰ পৰা আই সকলৰ দ্বাৰা দিহা নাম পৰিবেশন আৰু সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনে কাৰ্যসূচী সামৰা হ'ব ৷গোবিন্দ জয়ন্তীৰ দুয়োটা দিনৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি সত্ৰৰ পৰা কামনা কৰিছে।