অসম

"বিকশিত ভাৰত সংকল্প যাত্ৰা” কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজুৱে শুকুৰবাৰে নগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ কাকমাৰী গাঁও পঞ্চায়তৰ বৰবড়ি সাৰ্বজনীন নাট্যমঞ্চত "বিকশিত ভাৰত সংকল্প যাত্ৰা” কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে বৰবড়ি সাৰ্বজনীন নাট্যমঞ্চত অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে সকলো স্তৰৰ লোকক সামৰি ল'ব পৰাকৈ ভালেমান আঁচনি গ্ৰহণ কৰিছে আৰু "বিকশিত ভাৰত সংকল্প যাত্ৰাৰ" মূল উদ্দেশ্য হৈছে এই আঁচনি সমূহৰ সুবিধা যোগ্য জনসাধাৰণে গ্ৰহণ কৰাটো নিশ্চিত কৰা।

এই যাত্ৰাৰ যোগেদি সৰ্বসাধাৰণ ৰাইজে চৰকাৰৰ আঁচনি সমূহ বিষয়ে জানিব পাৰিব আৰু তাৰ সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । তেওঁ লগতে উল্লেখ কৰে যে, এই যাত্ৰাত সাঙুৰি লোৱা চৰকাৰৰ ধ্বজাবাহী আঁচনি সমূহ কিমান সংখ্যক লোকে পাইছে আৰু কিমান লোক বাকী আছে তাৰ এক খতিয়ান লোৱা হৈছে, যাতে অহা ২৬ জানুৱাৰী ২০২৪ তাৰিখৰ ভিতৰত এই চৰকাৰ খনে প্ৰস্তুত কৰা জনকল্যাণমূলক আঁচনিয়ে কিমান লোকক উপকৃত কৰিছে তাৰ এটি আভাস পাব পৰা যায়।

হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰালীয়ে আঁত ধৰা সভাৰ আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জনায় যে, নগাঁও জিলাত চৰকাৰৰ ধ্বজাবাহী আঁচনি সমূহে প্ৰত্যেক হিতাধিকাৰীক সামৰি লোৱাৰ বাবে সকলো বিভাগে অহৰহ কাম কৰি আছে। সভাত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে চৰকাৰৰ বিভিন্ন আঁচনি যেনে জল জীৱন অভিযান, অৰুণোদয়, উজ্বলা, আয়ুস্মান ভাৰত, পি এম কিষাণ, আদিৰ ওপৰত আলোকপাত কৰি কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি সমাজৰ সকলো স্তৰৰ লোকক সামৰি উন্নয়নৰ বাটেৰে অগ্ৰসৰ হৈছে।

সমাজকৰ্মী তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰাক্তন অধ্যক্ষ অশোক ভট্টৰাই, জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, নগাঁও জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া সকল, দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, সমাজকৰ্মী অভিজিৎ নাথ, নগাঁও জিলা পৰিষদৰ বিষয়া-কৰ্মচাৰী, দলংঘাট উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী, বিভিন্ন গাঁও পঞ্চায়তৰ প্ৰতিনিধি, নগাঁও জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া আৰু বহু সংখ্যক স্থানীয় নাগৰিকে আজিৰ এই সভাত অংশগ্ৰহণ কৰে।