অসম

KKHSOU ৰ আমন্ত্ৰণঃ ভাৰতীয় সংস্কৃতিৰ ওপৰত ১০০ টা অনলাইন বক্তৃতা আগবঢ়াব দিগন্ত বিশ্ব শৰ্মাই

Asomiya Pratidin

[ডিজিটেল ডেস্কঃ ভাৰতীয় সংস্কৃতি আৰু গীতাৰ  ওপৰত শ্ৰী অৰবিন্দৰ লেন্সৰ জৰিয়তে প্ৰায় ৩ বছৰ ধৰি বক্তৃতা দি আহিছে দিগন্ত বিশ্ব শৰ্মাই। ২০২০ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০২৩ চনৰ জুন মাহলৈ অনলাইনৰ জৰিয়তে  ৪০০ টা বক্তৃতা প্ৰদান কৰি এই মাইলৰ খুঁটি অৰ্জন কৰিছে। ইয়াৰ পাছতে দিগন্ত বিশ্ব শৰ্মালৈ আহিছে আন এক সুযোগ।

 শেহতীয়াকৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা আমন্ত্ৰণ জনোৱা প্ৰখ্যাত লেখিক আৰু অনুবাদক দিগন্ত বিশ্ব শৰ্মাক।  শ্ৰী অৰবিন্দৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা বক্তৃতা শৃংখলাৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনে "শ্ৰী অৰবিন্দৰ লেন্সৰ জৰিয়তে গৌৰৱময় ভাৰতীয় সংস্কৃতি বুজা" সম্পৰ্কে ১০০ অনলাইন বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনাইছে।

 ১০ নৱেম্বৰ ২০২৩ ত বিশ্ববিদ্যালখনৰ পৰিচালনা পৰিষদে উল্লেখ কৰা অনুসৰি ইতিমধ্যে ইয়াৰ ওপৰত অনুমোদন জনোৱা হৈছে। সেই অনুসৰি তেওঁক এই বক্তৃতা দিবলৈ নিমন্ত্ৰণ জনাইছে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিয়ে উত্তীৰ্ণ হৈছে বা সেই পৰ্যায়ৰ শ্ৰেণীত অধ্যয়ন কৰি আছে সেইসকলে পঞ্জীয়ন মাচুল নোহোৱাকৈ অশংগ্ৰহণ কৰিব পাৰে। সকলো পঞ্জীভুক্ত অংশগ্ৰহণকাৰীক তেওঁলোকৰ নিয়মীয়া অংশগ্ৰহণ সাপেক্ষে প্ৰমাণপত্ৰ জাৰী কৰা হ'ব। বক্তৃতা শৃংখলাটো ২১ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে আৰম্ভ হ'ব।