অসম

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীৰে চচলত প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ চচলত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীৰে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শ শ পুৰষ-মহিলাই।

প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়ক আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে।

প্ৰতিবাদত অংশ গ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে মিছা কৈছিল। ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই হ'ব। ১২,৫০০ কোটি ঋণৰ বোজা লৈছিল তেওঁ। কিন্তু বৰ্তমান পৰ্যন্ত কেৱল ১৬.৭২ শতাংশ ঋণহে মাফ কৰিছে।

লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ মহিলাসকলক বিপদত পেলাইছে। এতিয়া পুলিচ ঘৰলৈ আহিছে। ঋণৰ পৰিমাণ দিনক দিনে বৃদ্ধি হৈ আহিছে। মুখ্যমন্ত্ৰীয়ে ভাবিছে অৰুণোদয় আঁচনিৰ জৰিয়তে সকলো মহিলাৰ ভোট তেওঁ ল'ব। কিন্তু এতিয়া আৰু ভোট কিনিব নোৱাৰে।