অসম

কবিতা ১২৪/ অসুখ

Asomiya Pratidin

- বুবুল হাজৰিকা

আপোনাৰ লগত মুকলিমূৰীয়াকৈ কথা পাতিব পৰাকৈ মই সুখী নহয়

আপোনাৰ বক্তব্যৰ শ্ৰোতা হঁও টপলিয়াও ,হাততালি দিওঁ

তথাপি আপোনাক সন্দেহ কৰোঁ

আপোনাৰ প্ৰতি ঘৃণা নাই যদিও

ভাল পাব নোৱাৰোঁ যি দৰে আপুনি ভাল নাপায় মোক

আপোনাৰ বাটটো মোৰ পচন্দৰ কিন্তু মই খোজ নিদিও

জানোচা বিপদ হয় ' সন্দেহ !

আপোনাক মই পিজা খুৱাব খুজিও থমকি ৰওঁ

তিনিআলিৰ চুকৰ পান দোকানৰ এখন জৰ্দা পান

বা আজুআইন যাঁচিব নোৱাৰোঁ

সৌজন্যবশতঃ এসাঁজ খাবলৈ মই আপোনাক নিমন্ত্ৰণ দিব নোৱাৰো

আপোনাৰ বাৰ্থ ডে পাৰ্টি বা বিবাহ বাৰ্ষিকীত শুভেচ্ছা জনাই এশটা অজুহাত উলিয়াওঁ নোযোৱাৰ

আপোনাৰ অনুগ্ৰহত ৰেষ্টুৰেণ্টৰ ডিনাৰ পাৰ্টিত অনুপস্থিত হওঁ

কাৰণ কাইলৈ আপোনাকো একেই পাৰ্টি দিয়াৰ ভয়

আপোনাৰ উপহাৰ লোৱাৰ ভয়ে মোক খেদি ফুৰে

আপুনি জানেনে

মোৰ হৈছে কি?

কিয় মই আপোনাৰ পৰা আঁতৰি থাকো ?

এৰাই চলো আপোনাক !

আপোনাক সাবটিলে আপোনাৰো অসুখ হ’ব মোৰ দৰে

মই বিলাই দিলো ,সাৱটি চালো ,বিলীন হ’লো

বিনিময়ত অসুখী হ’লো

অসুখ দ্ৰব্যৰ মূল্যবৃদ্ধিত

অসুখ পেট্ৰ’পণ্য বা এল পি জি ৰ দৰ বৃদ্ধিত

জি এচ টি পৰিশোধত ,

আয় কৰ অথবা বিক্ৰী কৰ’ত

অসুখ মোৰ ঘৰত ,পৰিয়ালত

আখলত ,উধানত ৷

মই অকলশৰীয়াকৈ থাকো

আপোনাৰ কথাত হাঁহিব নোৱাৰোঁ ,মুকলিমূৰীয়াকৈ ক’থা পাতিব নোৱাৰোঁ

মোৰ দেশত জুই লাগিছে বজাৰত

আৰু মই মৰো বাৰে বাৰে বেজাৰত ৷