অসম

কবিতা ৯২/ বৰষুণ

Asomiya Pratidin

- সীতা দেৱী

কম্পমান আই মাতৃৰ বুকু

অন্তহীন বেদনাৰ বৰ্হি প্ৰকাশ

ধাৰাষাৰ বৰষুণ।

ভীষণ অভিমান

যন্ত্ৰণাৰ চিৰাচিৰ গাথাঁ

ধাৰাষাৰ বৰষুণ।

উটি ভাহি গ'ল সপোন

চূৰ্ণ বিচূৰ্ণ সেউজীয়া আশা

ধাৰাষাৰ বৰষুণ ।

চিত্ৰাঙৰ তাণ্ডৱ

তচনচ আভিজাত্য

ধোঁৱাচাঙত অহংকাৰ

ধাৰাষাৰ বৰষুণ।

ক্ষত বিক্ষত মানৱতা

আতংক, ভোক আৰু ধ্বংস

ধাৰাষাৰ বৰষুণ।