অসম

কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদমেল...

Asomiya Pratidin

ডিজিটেল সংবাদ, কচুৱা : কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমচু)ৰ সংবাদমেল। সংখ্যালঘু ছাত্ৰবৃত্তি আৰু প্ৰধানমন্ত্ৰী ফচল বিমা যোজনাৰ ওপৰত এই সংবাদ মেল। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত দুয়োটা আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ।

প্ৰকৃত হিতাধিকাৰী এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ আমচুৰ। মৰিগাঁও আৰক্ষীৰ জালত পৰা কেলেংকাৰীৰ মূল অভিযুক্ত কচুৱাৰ জিয়াবুৰ ৰহমান আৰু ছাইফুল ইছলামক শাস্তি প্ৰদানৰ দাবী জনায় এই সংবাদমেলত। পলাতক ২নং কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলামৰ লগতে অনান্য সকলক গ্ৰেপ্তাৰৰ দাবী আমচুৰ সদস্যসকলে।

বহু ভুৱা বিদ্যালয়ৰ তথ্য দি সংখ্যালঘু ছাত্ৰবৃত্তিত ব্যাপক জালিয়াতি কৰাৰো অভিযোগ সদস্য সকলৰ। ভুৱা বিদ্যালয়ৰ বিৰুদ্ধে গোচৰ তৰিব আমচুৱে। ৰহাৰ বিধায়ক শশী কান্ত দাসকো তদন্তৰ আউতালৈ অনাৰ দাবী সদস্য সকলৰ। লগতে সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহীত ব্যৱস্থা লোৱাৰ দাবী জনায় আমচুয়ে।