অসম

কোকৰাঝাৰ জেলৰ পৰা পলায়ন কৰা আচামীক আটক আৰক্ষীক

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জেলৰ পৰা ৯ মাৰ্চত পলায়ন কৰা আচামী চন্দ্ৰকান্ত নাথ ওৰফে ১৯ বছৰীয়া চন্দ্ৰদ্বীপক আজি আৰক্ষীয়ে খেদি খেদি আটক কৰে। উল্লেখ্য যে মটৰচাইকেল চুৰিৰ গোচৰত (গোচৰ নং ৪৬/২০২৪) আটক হৈ চন্দ্ৰকান্ত নাথ ওৰফে চন্দ্ৰদ্বীপ কোকৰাঝাৰ জেলত আৱদ্ধ হৈ আছিল। কিন্তু যোৱা ৯ মাৰ্চত চন্দ্ৰকান্ত নাথে জেলৰ সুউচ্চ দেৱাল পাৰ হৈ পলায়ন কৰে। জেলৰ পৰা পলায়ন কৰাৰ পিছতে কোকৰাঝাৰ আৰক্ষীৰ মাজত হাহাকাৰ লাগে।

আৰক্ষীয়ে পলাতক আচামী চন্দ্ৰকান্ত নাথ ওৰফে চন্দ্ৰদ্বীপক বিচাৰি ভূটীয়াপাৰাৰ বাসগৃহত কেবাবাৰো অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ নকৰে। বিগত এমাহে আৰক্ষীয়ে চন্দ্ৰকান্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল। ইয়াৰ মাজতে চন্দ্ৰকান্তক ধৰিবলৈ এৰেষ্ট ওৱাৰেণ্ট উলিয়ায়। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখে আৰু চন্দ্ৰকান্ত নাথ ঘৰলৈ অহাৰ খবৰ গোপন সূত্ৰে লাভ কৰি আজি হঠাতে বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দিৰা ব্ৰহ্মৰ নেৰ্তৃত্বত যোৱা আৰক্ষীৰ এটা দলে চন্দ্ৰকান্তক খেদি খেদি আটক কৰে।

আৰক্ষী দেখি চন্দ্ৰকান্তই দৌৰি পলায়নৰ চেষ্টা কৰিছিল যদিও বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দিৰা ব্ৰহ্মৰ লগতে আন আৰক্ষীসকলে চন্দ্ৰকান্তক পিছে পিছে খেদি যায়। প্ৰায় দুই-তিনি কিলোমিটাৰ খেদি যোৱাৰ পিছত জংঘলত লুকাই থকা চন্দ্ৰকান্তক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়। মাথো ১৯ বছৰ বয়সতে মটৰচাইকেল চুৰি কৰি ধৰা পৰি পৰবৰ্তী পৰ্যায়ত জেলৰ পৰা পলায়ন কৰা দুধৰ্ষ চন্দ্ৰকান্তক খেদি খেদি ধৰাৰ বাবে আৰক্ষী বিষয়া ইন্দিৰা ব্ৰহ্মৰ সাহসিকতাক স্থানীয় ৰাইজে শলাগ লৈছে।