koliabor cow seized 
অসম

কলিয়াবৰত গৰুভৰ্তি ট্ৰাক জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে শনিবাৰে পুৱতি নিশা অভিযান চলাই জব্দ কৰে অবৈধ গৰুভৰ্তি ট্ৰাক। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ এ এছ ০১ এল চি ৩৪৪৭ নম্বৰৰ গৰুভৰ্তি ট্ৰাকখন।

ট্ৰাকখনৰ পৰা ১৯ টা গৰু উদ্ধাৰ কৰা হয়। বোকাখাতৰ বিহৰা বজাৰৰ পৰা নগাঁৱৰ চামগুৰিলৈ সৰবৰাহ কৰা হৈছিল গৰুসমূহ। আৰক্ষীয়ে আটক কৰিছে গৰু সৰবৰাহত জড়িত ট্ৰাকখনৰ চালকক।