অসম

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদকক মাৰপিটৰ অভিযোগ

Asomiya Pratidin
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ৰূপজ্যোতি কাকতিক মাৰপিটৰ অভিযোগ

  • ৰূপজ্যোতিয়ে বিহদিয়াস্থিত কৰ্মস্থলীৰ পৰা ঘৰলৈ যাবলৈ গাড়ীৰ বাবে পথৰ কাষত ৰৈ থাকোতে সংঘটিত হয় এই ঘটনা

  • সন্ধিয়া প্ৰায় ৭.৩০ বজাত পথৰ কাষত ৰৈ থাকোতে সংঘটিত হয় এই ঘটনা

  • জানিব পৰামতে 'অসম পুলিচ' লিখা এখন বলেৰ' বাহনত অহা সামৰিক বাহিনীৰ সাজ পিন্ধা ৩জন লোকে জোৰকৈ গাড়ীত উঠাই লৈ যায় ৰূপজ্যোতিক

  • বাহনখনত উঠাই লৈ গৈ মাৰপিট কৰাৰ অভিযোগ

  • ঘটনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

  • আইন শৃংখলা তথা প্ৰশাসনৰ দায়িত্ব সন্দৰ্ভত প্ৰশ্ন তোলে সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই

  • তেওঁ কয়- এতিয়ালৈকে এজনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাটোৱে আচলতে কি সূচায় বুলি প্ৰশ্ন উত্থাপন কৰে।