অসম

'লাচিত : দ্য ৱাৰিয়াৰ'লৈ কলিউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ সাংস্কৃতিক জগতলৈ আন এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এনিমেটেড এনিমেটেড চুটি ছবি 'লাচিত : দ্য ৱাৰিয়াৰ'। চেন্নাইত অনুষ্ঠিত কলিউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান লাভ কৰিছে 'লাচিত : দ্য ৱাৰিয়াৰে'।

এই এনিমেটেড চুটি ছবিখনৰ ৰচনা আৰু পৰিচালনা কৰিছে পাৰ্থসাৰথি মহন্তই আৰু প্ৰযোজনাত আছে মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱা। ছবিখনৰ ধাৰাভাষ্যকাৰৰ দায়িত্ব আছে ড° অমৰজ্যোতি চৌধুৰী আৰু সংগীত ৰূপম তালুকদাৰৰ।

ছবিখনৰ সৃষ্টিশীল পৰিচালক অনুপম মহন্ত, ষ্টৰী বৰ্ডিং হৃষিকেশ বৰা আৰু ভিএফএক্স কৰিছে ৰাতুল দত্তই। মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱকে ধৰি এতিয়ালৈকে ৮ খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'লাচিত : দ্য ৱাৰিয়াৰ' প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে।

ছবিখন গোৱাত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ভাৰতীয় পেনোৰামাৰ বাবেও নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বেও এইখন চুটিছবিয়ে বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।