hojai 
লখিমপুৰ

ঢকুৱাখনাত সংঘটিত অগ্নিকাণ্ডত জাহ গ'ল একাধিক বাসগৃহ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভলুকাজান গাঁৱত সংঘটিত হৈছে এক অঘটন। পূব ঢকুৱাখনা পঞ্চায়তৰ ভলুকাজান গাঁৱৰ ভূপেন দলে নাম ব্যক্তিগৰাকীৰ ঘৰত বুধবাৰে বিয়লি প্ৰায় ৫-১০ বজাত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়।

চহা পৰিয়ালটোৰ ঘৰত সংঘটিত অগ্নিকাণ্ডৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰে দুটা বাসগৃহ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি তেওঁলোকৰ প্ৰচেষ্টাত জুই অন্য ঘৰলৈ বিয়পাত বাধা প্ৰদান কৰে যদিও ভূপেন দলেৰ সমস্ত সা-সম্পত্তি জ্বলি নিমিষতে ছাঁই হৈ যায়।

আনহাতে বহু পলমকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিনিৰ্বাপক বাহিনীৰ লেহেমীয়া গতিক ৰাইজে তীব্ৰ ককৰ্থনা কৰি দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰ প্ৰশাসনৰ আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ অদ্যপি অজ্ঞাত ।