লখিমপুৰ

ঘিলামৰাত আইৰন টেবলেট খাই ৩ছাত্ৰ অসুস্থ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঘিলামৰা : ৰাজ্যখনৰ লগতে ঢকুৱাখনা মহকুমাবাসী দুৰ্গা পূজাৰ উৎসৱমুখীতাত আচ্ছন্ন হৈ থকাৰ সময়তে শুক্ৰবাৰে এক অঘটন সংঘটিত হয়।ঘিলামৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত দক্ষিণ ঘিলামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যাৰ্থীসকলক বিদ্যালয় স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যোগান ধৰা হৈছিল আইৰণ টেবলেট ।

স্বাস্থ্য বিভাগৰ জৰিয়তে আশাকৰ্মী এগৰাকীয়ে বিদ্যালয় প্ৰধান শিক্ষকক যোগান ধৰি যোৱা এই আইৰন ফলিক এচিডৰ টেবলেট খাই কেইবা গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে অসুস্থ হয় । শুক্ৰবাৰে দুপৰীয়া বিদ্যালয়খনৰ একাংশ বিদ্যাৰ্থীক মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰদানৰ পাছত এই টেবলেট খাবলৈ দিয়া হৈছিল বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ।

কিন্তু শিক্ষাৰ্থীসকলে এই টেবলেট খোৱাৰ পাছতে ৩গৰাকী শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিব পৰা গৈছে। বিদ্যালয়খনৰ ৩গৰাকী শিক্ষাৰ্থীৰ বুকু বিষ, পেট বিষ,বমি আৰু শ্বাস প্ৰশ্বাসত কষ্ট পোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থী কেইগৰাকীক তৎক্ষণাত ঘিলামৰা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ।

ঘিলামৰা সামূহিক চিকিৎসালয়ৰ চিকিৎসকে আক্ৰান্ত শিক্ষাৰ্থীসকলক জৰুৰীকালীন প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্ব-গৃহলৈ প্ৰেৰণ কৰা হয় । স্বাস্থ্য বিভাগে আক্ৰান্ত সকলৰ স্বাস্থ্য বৰ্তমান সুস্থ আৰু নিৰাপদ বুলি জানিবলৈ দিছে ।