ঢকুৱাখনাত যুৱক নিৰুদ্দেশঃ সম্ভেদ পালে দিয়ক খবৰ... 
লখিমপুৰ

ঢকুৱাখনাত যুৱক নিৰুদ্দেশঃ সম্ভেদ পালে দিয়ক খবৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটি হুজ গাঁওৰ এগৰাকী যুৱকৰ সন্ধানহীনতাৰ বাতৰিয়ে উদ্বিগ্ন আৰু চিন্তিত কৰি তুলিছে যুৱকজনৰ পৰিয়ালটোৰ লগতে আত্মীয় স্বজনক। ঢকুৱাখনা পৌৰসভাৰ ৮ নম্বৰ ৱাৰ্ডৰ বাসিন্দা বুদ্ধেশ্বৰ দাসৰ পুত্ৰ ৩৫ বছৰীয়া পদুম দাসে যোৱা ১৪ ডিচেম্বৰ বৃহস্পতিবাৰৰ নিশা প্ৰায় ৯ বজাত ঘৰৰ পৰা স্বাভাৱিক ভাবেই ওলাই গৈছিল।

অন্য দিনৰ দৰেই বাহিৰলৈ ওলাই যোৱা দাস শুকুৰবাৰৰ বিয়লি পৰ্যন্ত ঘৰলৈ উভতি অহা নাই। প্ৰথম অৱস্থাত দাসৰ পত্নী আৰু পৰিয়ালৰ সদস্যই যুৱকজন স্বগৃহলৈ উভতি অহাৰ আশা কৰিছিল।

কিন্তু শনিবাৰৰ দুপৰীয়া পৰ্যন্ত উভতি নহাত পত্নী মমী দাস আৰু অন্যান্য সদস্যই আত্মীয় স্বজনৰ ঘৰত আৰু সম্ভৱপৰ সকলো স্থানত সন্ধান চলাই। কিন্তু কোনো উৱাদিহ উলিয়াবলৈ সক্ষম নহয়।

পৰৱৰ্তী সময়ত দুটি সন্তানৰ পিতৃ পদুম দাসৰ সন্ধানহীনতাৰ সন্দৰ্ভত দাসৰ পত্নীয়ে শুকুৰবাৰে ঢকুৱাখনা সদৰ থানাত এজাহাৰ দাখিল কৰে। প্ৰায় ৫ ফুট উচ্চতাৰ মাগুৰ বৰণীয়া লংপেন্ট চাৰ্ট পৰিহিত যুৱকজনৰ সন্ধান বিচাৰি সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ঢকুৱাখনা আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

অন্যহাতে পত্নী মমী দাসে কোনো সদাশয় ব্যক্তিয়ে এই যুৱকজনৰ কিবা সম্ভেদ পালে আৰক্ষীৰ দৃষ্টিগোচৰ কৰাৰ অনুৰোধ জনাইছে। দুৰ্ভগীয়া পত্নী মমী দাসে তেওঁৰ মোবাইল নম্বৰ 84864 77648 ত এই সন্দৰ্ভত কিবা তথ্য উপলব্ধ হলে যোগাযোগ কৰি সমীপৰ আৰক্ষী থানাত যুৱকজনক চমজাই দিয়াৰ বাবে সকলোলৈকে কাতৰ আহ্বান জনাইছে ।