লখিমপুৰ

ঢকুৱাখনা কোষাগাৰত অৰ্থলোভীৰ জাল ! প্ৰাপ্যৰ পৰা বঞ্চিত একাংশ শিক্ষক

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : চৰকাৰী বেতনৰ ধনেৰে অভাৱ পূৰণ হোৱা নাই ঢকুৱাখনা উপ-কোষাগাৰৰ এচাম কৰ্মচাৰীৰ। পৰজীৱি উদ্ভিদ সদৃশ একাংশ কৰ্মচাৰীয়ে সমাগত দুৰ্গা পূজাৰ বাবে বক্ৰ পথেৰে ধন অর্জনৰ গোপন প্ৰতিযোগিতা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

সুদূৰ ২৫ কিলোমিটাৰ দূৰৰ পৰা ঢকুৱাখনা উপ-কোষাগাৰলৈ তাতবাতি কৰি অহা ৭৮ গৰাকী শিক্ষাগুৰুৰ মনত এনে ধাৰণা গঢ় লৈ উঠিছে। বিভাগটোৱে বিগত প্ৰায় এটা পষেকৰো অধিক সময় ধৰি মাহিলী বেতন কেইটাৰ বাবে শিক্ষকসকলক জ্বলা-কলা খুওৱাৰ অভিযোগ উঠিছে।

ঘিলামৰাৰ বৰদলনী শিক্ষাখণ্ডৰ অন্তৰ্গত অৰ্ধ শতাধিক শিক্ষাগুৰুক উল্লেখিত বিভাগটোৱে জ্বলা কলা খুওৱাত অতিষ্ঠ হৈ পৰিছে। অভিযোগ মতে ঘিলামৰাত অৱস্থিত বৰদলনি শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্য্যালয়ৰ মুঠ ৭৮ গৰাকী শিক্ষক- শিক্ষয়িত্ৰী চলিত বৰ্ষৰ আগষ্ট মাহৰ নিয়মীয়া বেতন লাভৰ পৰা বঞ্চিত হৈ আহিছে ।

এইসকল নিয়মীয়া শিক্ষকৰ আগষ্ট মাহৰ বেতন বিল খণ্ড প্রাথমিক শিক্ষা বিষয়া কার্য্যালয়ৰ পৰা ১২ ছেপ্টেম্বৰত প্ৰেৰণ কৰিছিল । বিল নং-০০০৮৩  আৰু টোকেন নং-৩১৪  জৰিয়তে প্ৰেৰিত উক্ত বেতন বিলৰ বিপৰীতে আজি পৰ্যন্ত ৭৮ গৰাকী শিক্ষাগুৰুৱে বেতন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ঢকুৱাখনা আৰু বৰদলনী (ঘিলামৰা) শিক্ষাখণ্ডৰ অন্য সকলো শিক্ষাগুৰুৰ বিল ইতিমধ্যে আদায় দিয়া হ'ল,যদিও এই নিৰ্দিষ্ট ৭৮ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিল এক ৰহস্যজনক কাৰণত মোকোলাই দিয়া হোৱা নাই। এই সন্দৰ্ভত প্ৰাপ্য বঞ্চিত শিক্ষাগুৰুসকলে ঢকুৱাখনা কোষাগাৰলৈ ফোন কৰি,গাঁঠিৰ ধন ভাঙি কাৰ্য্যালয়ত উপস্থিত হৈ ইয়াৰ কাৰণ জানিব বিচাৰে।

ইয়াৰ উত্তৰত বিভাগীয় কৰ্তৃপক্ষই "নেটৱৰ্ক বিজুটি " বুলি কৈ গা এৰা দিব বিচাৰে। অৱশ্যে ইয়াৰ এক সুকীয়া কাৰক থকা বুলি জানিব পৰা গৈছে ।

এক সমৰ্থিত সূত্ৰই প্ৰাপ্য বঞ্চিত শিক্ষকসকলক জনোৱা মতে, কোষাগাৰ বিষয়াৰ পৰা কৰ্মচাৰী পৰ্যন্ত এই দায়িত্বত জড়িত সকলকে এই বিল পাছ কৰাৰ নামত কাৰ্যালয়ৰে এক সূত্ৰই  "কিবা এটা" দাবী কৰিছে । সেয়া হ'লেই বিল পাছ হোৱাটো খাটাং বুলি জানিবলৈ দিয়ে।

কিন্তু মাহিলী বেতনৰ নামত এই "কিবা এটা" দিয়াৰ পক্ষপাতী নোহোৱাৰ বাবেই লাগি আছে কেণা । পোহৰলৈ অহা তথ্য মতে, এইসকল শিক্ষাগুৰুৱে আগষ্ট মাহত "টাইম স্কেল" লাভ কৰিছিল ।

প্ৰায় ১০ বছৰৰ পাছত লাভ কৰা এই "টাইম স্কেল"ৰ বাবদ মুঠ বেতনৰ ওপৰত ৩ শতাংশ" ইনক্ৰিমেণ্ট" লাভ কৰিব আৰু ইয়ালৈকে লোলুপ দৃষ্টি দি বিভিন্ন অজুহাত দেখুৱাই বিল এৰি দিয়া নাই কোষাগাৰ বিভাগে । পৰিণতিত মাহৰ বেতনলৈ আশা পালি থকা শিক্ষকসকলৰ অৱস্থা কাহিল হোৱাৰ উপক্ৰম ঘটিছে।

বছৰটোৰ এঘাৰটা মাহেই নিয়মীয়া সেৱা আগবঢ়াই অহাৰ পৰিশেষত মাহৰ বেতন কেইটাৰো চান কাঢ়ি দিব লগীয়া হোৱা অনৈতিক আৰু নীতি বিৰুদ্ধ দাবীক শিক্ষকসকলে প্ৰকাশ্যে প্ৰত্যাখান কৰে। নীতিনিষ্ঠ শিক্ষকসকলে বিভাগৰ এই কৌশলী আৰু অহেতুক ইচ্ছাকৃত  বিলম্বৰ  বাবেই প্ৰাপ্যৰ পৰা বঞ্চিত কৰা কাৰ্য মানি নোলোৱাৰ ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজনত নাৰ্য প্ৰাপ্য বিচাৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰো চিন্তা- চৰ্চা কৰা বুলি জানিবলৈ দিয়ে।

ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ গাতে লাগি থকা এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগে বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে কাৰ্যালয়ৰ সূত্ৰই এই অভিযোগ অস্বীকাৰ কৰিছে ।