লখিমপুৰ

সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে লখিমপুৰত গোচৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এইবাৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ল লখিমপুৰত। অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ আজমলৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

ৰাজ্যখনৰ কৌটিকলীয়া ভাতৃত্ববোধ, ঐক্যতা আৰু সম্প্ৰীতিত প্ৰচণ্ড কুঠাৰাঘাট কৰি উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে অসমীয়া যুৱ মঞ্চৰ হৈ মঙ্গলবাৰে লখিমপুৰ জিলাৰ লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। মঞ্চৰ কাৰ্যকৰী সভাপতি গগৈয়ে কয় সাংসদ আজমলে "মুছলমানসকলে খোৱা সকলো খাদ্য বা মাংস হিন্দু সকলেও খাব লাগে আৰু দেশৰ প্ৰধানমন্ত্ৰী ,মুখ্যমন্ত্ৰীয়েও খাব লাগিব" বুলি এক ভয়ানক সাম্প্ৰদায়িক মন্তব্য কৰিছে।

হিন্দুসকলৰ আৰাধ্য জীৱ গৰুক ভক্ষণৰ কথা কৈ সাংসদ গৰাকীয়ে হিন্দুসকলৰ আৱেগ-অনুভূতিত চূড়ান্ত পদাঘাত কৰা বুলি অভিযোগ উত্থাপন কৰি হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰে অসমত অশান্তিৰ বীজ বিয়পাব বিচৰা বুলিও মন্তব্য কৰে। ৰাজ্যখনৰ ঐক্য সম্প্ৰীতিৰ বান্ধোন উফৰাই এক অশান্তিকৰ আৰু ধৰ্মীয় সংঘাত সৃষ্টিৰ উদ্দেশ্যেৰে এইগৰাকী সাংসদে কৰা এই উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে সদৰ থানাত ৰুজু কৰা গোচৰ ইতিমধ্যে পঞ্জীয়নৰ পথত।