অসম-অৰুণাচল সীমান্তত মেগা ফুড পাৰ্ক স্থাপনৰ ভয়ানক পৰিনতি... 
লখিমপুৰ

অসম-অৰুণাচল সীমান্তত মেগা ফুড পাৰ্ক স্থাপনৰ ভয়ানক পৰিণতি...

Asomiya Pratidin

ডিজিটেল সংবাদ বান্দৰদেৱাঃ আগ্ৰাসী অৰুণাচলীৰ আগ্ৰাসনৰ এক নতুন কৌশল।এফালৰ পৰা অসমৰ জনাঞ্চল, কৃষিভূমিৰ লগতে বিল জলাশয় ধ্বংস যজ্ঞত নীৰব ঘাটক হৈ নামিছে এজন অৰুণাচলী।নাম লিখা মাছ।

পেশাত বিশাল সম্পদৰ অধিকাৰী এজন অৰুণাচলী ব্যৱসায়ী।লিখা মাছে বান্দৰদেৱাৰ সমীপৰ পথালিপাহাৰৰ গাতে লাগি থকা অৰুণাচলত পাহাৰ খনন কৰি নিৰ্মাণ অব্যাহত ৰাখিছে এখন হাজাৰ কোটি টকীয়া মেগা ফুড পাৰ্কৰ।

সীমামুৰীয়া অঞ্চলটোত মেগা ফুড পাৰ্ক নিৰ্মাণৰ নামত অসমৰ ভূমিত পথ আৰু ষ্ট্ৰীট লাইট লগাই নিজৰ বাবে সুচল যাতায়ত ব্যৱস্থা কৰি লোৱাৰ পিছত লক্ষ্যনীয় ভাবে বালিত মূৰ গুজি ইমানদিনে নীৰব ভূমিকা পালন কৰি আছে লখিমপুৰ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰ আৰু তথাকথিত জাতীয় দল সংগঠন।

শেহতীয়াকৈ বিগত দুটা বছৰে প্ৰতিটো বাৰিষাত লিখা মাছে খনন কৰা পাহাৰৰ পৰা এজাক বৰষুণতে অসমলৈ বৈ অহা ৰঙচুৱা বোকা মাটিৰ ঢলে এফালৰ পৰা পুতি আহিছে মানুহৰ ঘৰ চোতাল কৃষিভূমি। তাৰোপৰি এফালৰ পৰা পোত খাই আহিছে কাছমাৰী বিল।

জৈৱবৈচিত্ৰৰ লগতে বিল জলাশয় আদি পোত খোৱাৰ ফলত খৰালি অঞ্চলটোত ক্ৰমে হ্ৰাস পাইছে জলস্তৰো। ইফালে পথালি পাহাৰ মীন পালন সমবায় সমিতিখনৰ সম্পাদক বীৰেন বৰাই জনোৱা মতে লিখা মাছ নামৰ ব্যৱসায়ীজনৰ এনে অবিবেচক কাণ্ড কাৰখানাৰ ফলত বিলখন এফালৰ পৰা পোত যোৱা বিষয়টো নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াক জনালেও একো ফল ধৰা নাই আজি পৰ্যন্ত।

সম্পাদক গৰাকীয়ে জনোৱা মতে একালত প্ৰায় ষাঠি বিঘা মাটি থকাৰ পিছত মীন পালনৰ বাবে পুখুৰী আৰু অমৃত সৰোবৰ স্থাপনৰ বাবে মাটিৰ পৰিমান বিয়োগ কৰাৰ পিছত এতিয়াও প্ৰায় পচিশ বিঘাতকৈ অধিক মাটি বিলখনত থাকিব লাগে।এতিয়া এই মাটিৰ কাছমাৰী বিলখনৰ অধিকাংশ পোত গৈ আছে পাহাৰৰ পৰা বৈ বোকা মাটিৰে।

ইফালে অৰুণাচলত প্ৰকৃতি ধ্বংস যজ্ঞৰ পোহাৰ মেলি অসমৰ সীমাত দেৱাল মৰা লিখা মাছৰ কৰ্মফল ভোগ কৰিছে অসমৰ সাধাৰন জনতাই। নীৰবে এক ঘাটকৰ ৰূপত অসমৰ ওপৰত এনে অত্যাচাৰ অব্যাহত ৰখা লিখা মাছৰ লগত অৰুণাচল প্ৰশাসনৰ সহযোগিতা থকাৰ কথা ক্ষোভেৰে ব্যক্ত কৰিলে ভুক্তভোগী নাগৰিকে।

ৰাইজৰ মত অৰুণাচল প্ৰশাসনৰ সহযোগিতা নাথাকিলে একোলৈ কেৰেপ নকৰাকৈ থাকিব নোৱাৰে এই ব্যক্তিজন।তৰাজুলিৰ ৰাবাৰ বাগানৰ মাজত মুকলি কৰা ৰেষ্টুৰেন্টখনৰ উদ্ধোধনী অনুষ্ঠানৰ দৰে সাধাৰন ব্যক্তিগত অনুষ্ঠান এটাত মুখ্যমন্ত্ৰীক বাদ দি সকলো মন্ত্ৰী আমোলা উবুৰি খাই পৰাটোৱেই এক উল্লেখযোগ্য প্ৰমান যিটো অসমৰ ক্ষেত্ৰত সততেই দেখা পোৱা নাযায়।

সীমান্তত এই পৰিবেশ অব্যাহত থাকিলে অহা দুটামান বছৰৰ ভিতৰত কছমাৰী বিলেই নহয় ভাবুকি নামি আহিব ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈকো।কি অদৃশ্য কাৰনত এজন মাত্ৰ অৰুণাচলীক জিলা প্ৰশাসন অথবা অসম চৰকাৰে অসমলৈ নমাই অনা দুৰ্যোগ বন্ধ কৰিবলৈ বাধ্য কৰিব নোৱাৰে সেয়াহে অতি ৰহস্যজনক বিষয় হৈ পৰিছে।