লখিমপুৰ

অতুল হত্যাকাণ্ডৰ ন্যায় বিচাৰি ঘিলামৰাত ৰাজপথ অৱৰোধ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা; শীতল মস্তিষ্কৰে সংঘটিত কৰা নৃশংস হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দি হত্যাকাৰীক সুৰক্ষা দিয়াত ব্ৰতী হৈছে ঘিলামৰা আৰক্ষী। হত্যাকাৰী গেঙৰ অন্যতম অভিযুক্ত এজনৰ পিতৃ আৰক্ষী হোৱাৰ বাবেই এই নিকৃষ্ট আৰু পক্ষপাতী চক্ৰান্তত নামি পৰিছে লখিমপুৰ জিলাৰ ঘিলামৰা আৰক্ষী ।

এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ বিৰুদ্ধে। ঘিলামৰা থানাৰ অন্তৰ্গত গুৱালদৈ বাটমাৰী গাঁওৰ অমায়িক সৰবৰহি যুৱক অতুল শইকীয়া (লুলু)ৰ হত্যাকাণ্ডৰ উচিত বিচাৰ, হত্যাকাৰীৰ মৃত্যুদণ্ড আৰু আৰক্ষীৰ বিতৰ্কিত পক্ষপাতী আচৰণ ত্যাগৰ দাবীত শনিবাৰে ঘিলামৰা থানা ঘেৰাও কৰি ন্যায়কামী ৰাইজে এই অভিযোগ তোলে আৰক্ষীৰ বিৰুদ্ধে। 

যোৱা ১৫ আগষ্টৰ নিশা স্বাভাৱিক ভাবেই তিনি বন্ধুৰ সৈতে গুৱালদৈ বাটমাৰী তিনিআলিত বাৰ্তালাপ কৰি থকা সুঠাম যুৱকজনক ৰহস্যজনক ভাবে ক্ষতবিক্ষত    অৱস্থাত মাছখোৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত শুকুৰবাৰে অকাল মৃত্যুক সাৱটি লোৱা ঘটনা এক পৰিকল্পিত আৰু শীতল মস্তিষ্কৰ হত্যাকাণ্ড বুলি আত্মীয় স্বজন আৰু ৰাইজ পতিয়ন গৈছে।

ৰাইজৰ মুকলি অভিযোগ ঘটনাৰ সন্দৰ্ভত আত্মীয়ই পাছদিনাই আৰক্ষীক এই সন্দৰ্ভত গোচৰ দিবলৈ ঘিলামৰা থানাত উপস্থিত হৈছিল। সেইবাৰ এজাহাৰ ল'বলৈকো আগ্ৰহ প্ৰকাশ নকৰিলে আৰক্ষী বিষয়াই।

পৰৱৰ্তী সময়ত আকৌ গ'ল থানালৈ এজাহাৰ লৈ। তেতিয়া চিকিৎসালয়ত জীৱন মৰণৰ সতে যুজঁ দি থকা অতুল শইকীয়া সুস্থ হৈ আহিলে তেওঁৰ ভাষ্য গ্ৰহণ কৰি গোচৰ ল'ব বুলি পুনৰাই উভতাই পঠাইছিল মতলবি আৰক্ষী বিষয়াই।

আৰু পঢ়ক

সময়ৰ লগে লগে অতুলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতো গোচৰ ল'বলৈ মনস্থ নকৰা আৰক্ষীৰ কাণ্ডজ্ঞানহীনতাৰ সন্দৰ্ভত আত্মীয়ই জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰাৰ পাছত গোচৰ গ্ৰহণ কৰে যদিও আৰক্ষীয়ে এই নিশ্চিত হত্যাকাণ্ডক পথ দুৰ্ঘটনা সাজি অপৰাধীক সুৰক্ষা প্ৰদান কৰিবলৈ উঠি পৰি লাগিছে বুলি অঞ্চলবাসীযে অভিযোগ তুলি শনিবাৰে ঘিলামৰা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত  কৰে।

অসম আৰক্ষীৰ পক্ষপাতী আচৰণ বন্ধ কৰক, অতুল হত্যাৰ উচিত বিচাৰ লাগে, হত্যাকাৰীক মৃত্যুদণ্ড দিয়ক, হত্যাকাৰীক সুৰক্ষা দিয়া আৰক্ষী বিষয়া হুচিয়াৰ , হত্যাকাণ্ডক পথ দুৰ্ঘটনা সজাবলৈ খোজা ঘিলামৰা আৰক্ষী মুর্দাবাদ, আৰক্ষী -অপৰাধীৰ মিতিৰালী নছলিব আদি বিভিন্ন শ্লোগান দি থানা চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে। ঘিলামৰা থানাত সন্মুখত দীৰ্ঘ সময় ধৰি উত্তাল পৰিবেশ সৃষ্টি কৰি প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ মাজতে আৰক্ষী বিষয়াৰ কৰ্কশ আচৰণত অধিক ক্ষুব্ধ হয় প্ৰতিবাদকাৰী ।

আৰু পঢ়ক

হত্যাকাণ্ডৰ সতে জড়িত হোৱাৰ সন্দেহৰ আৱৰ্তত থকা অতুলৰ তিনি বন্ধু ক্ৰমে নিপু সন্দিকৈ, হোমেন শইকীয়া আৰু দিগন্ত কোচক ৰাজ আতিথ্য দি ঘিলামৰা আৰক্ষীযে গ্ৰহণ কৰা বিতৰ্কিত ভূমিকাৰ প্ৰতিবাদত ৰাইজে থানাৰ সন্মুখত ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি সোচ্চাৰ হৈ পৰে। বিতৰ্কিত আৰক্ষী উপ-পৰিদৰ্শক নাচিৰ খান, সহকাৰী উপ-পৰিদৰ্শক জানমণি দাসৰ পক্ষপাতী আচৰণৰ আৰু অপৰাধী সতে গোপন মিতিৰালী কৰি পথ দুৰ্ঘটনা সজাবলৈ কৰি থকা নিকৃষ্ট চেষ্টাৰ সবল প্ৰতিবাদ কৰি ৰাইজে এই গোচৰৰ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ জৰুৰী হস্তক্ষেপ দাবী জনাই বহু সময় ধৰি পথটো অৱৰোধ কৰি ৰখাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা স্থবিৰ হৈ পৰে ।

ইপিনে দিনৰ ১ বজাত ঘিলামৰা থানাত আৰক্ষী অধীক্ষক মিশ্ৰ উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সতে আলোচনাত মিলিত হৈছে ।

আৰু পঢ়ক