লখিমপুৰ

বিহপুৰীয়াত সোণোৱাল কছাৰী জনগোষ্ঠীৰ বহুৱা নৃত্য প্ৰদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহপুৰীয়াঃ বিহপুৰীয়াৰ দুই নম্বৰ মৰিছাপথাৰত দেওবাৰে বিয়লি পৰম্পৰাগতভাৱে বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয় ৷ প্ৰতি দুবছৰৰ মূৰেমূৰে মৰিছাপথাৰৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলে গাঁওখনৰ পৰা অপায় অমংগল দূৰ হোৱাৰ কামনাৰে এই নৃত্য পৰিৱেশন কৰে ৷

সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বহুৱা থানৰ পৰা অপায় অমংগল ৰূপী তিনি বহুৱাক লগত লৈ গাঁওবাসীয়ে নৃত্য কৰাৰ লগতে পথাৰৰ মাজত অপেশ্বৰী ৰূপী নাচনী সকলৰ লগত সাতপাক ঘূৰি নাছি বাগি তিনি বহুৱাক গাঁৱৰ পৰা খেদি পঠিয়ায়। দক্ষ যজ্ঞৰ আধাৰত দীৰ্ঘদিনৰ পৰা গাঁওখনত পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি অহা হৈছে ৷

পূৱডিক্ৰং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পুৰঞ্জয় সোণোৱালে আঁত ধৰা বহুৱা নৃত্যৰ কাৰ্যসূচীত গাঁওখনৰ যুৱক যুৱতী আৰু মহিলা সকলে বিহুৰ আনন্দত মতলীয়া হৈ পৰে৷ বহুৱা নৃত্য চাবৰ বাবে মৰিছাপথাৰত অগণন লোকৰ সমাৱেশ হয় ৷