লখিমপুৰ

ঢকুৱাখনাত কেন্দ্ৰীয় ভাৱে মে-ডাম মে-ফী উদযাপনৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনৰ সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠী টাই আহোম সকলৰ উপাস্য পূৰ্ব পুৰুষসকলৰ সশ্রদ্ধ স্মৰণৰ অন্যতম ধৰ্মীয় অনুষ্ঠান মে-ডাম মে-ফী। অহা ৩০আৰু ৩১জানুৱাৰীত বিগত কেইবা দশক জোৰা এই ধৰ্মীয় পৰম্পৰা অব্যাহত ৰাখি এইবাৰো কেন্দ্ৰীয় ভাৱে এই অনুষ্ঠান ঢকুৱাখনা নগৰত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঢকুৱাখনা নগৰৰ টাই সাংস্কৃতিক গৱেষণা ও বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু কেন্দ্ৰৰ প্ৰাঙ্গনত অহা ৩০আৰু ৩১ জানুৱাৰীত অনুষ্ঠিতব্য দুদিনীয়া অনুষ্ঠানৰ বাবে ইতিপূৰ্বে অসীম সন্দিকৈক সভাপতি আৰু প্ৰণৱ বৰপাত্ৰ গোঁহাইক সম্পাদক হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। এই সমিতিখনে প্ৰায় ২'৫ লাখ টকাৰ এক বাজেট গ্ৰহণ কৰি দ্ৰুত গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে ।

উদযাপন সমিতিয়ে জনোৱা মতে প্ৰথম দিনা ৩০ জানুৱাৰীত পতাকা উত্তোলন ,বান ফী পূজা আৰম্ভ,গছপুলি ৰোপণ, সাহিত্য আৰু পৰম্পৰাগত খেল প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা বান ফী পূজাৰ পাছতে অনুষ্ঠিত হ'ব মৈদাম তৰ্পণ । পৰৱৰ্তী সময়ত স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তিত পুষ্প মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব টাই আহোম উন্নয়ন পৰিষদৰ সদস্য সঞ্জীৱ গগৈয়ে।

ইয়াৰ পাছতে মুখপত্ৰ "বানফাই" উন্মোচন কৰাৰ পাছতে মুকলি সভা উদ্বোধন কৰিব অতিৰিক্ত জিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই । টাই বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈ আৰু উদযাপন সমিতিৰ সভাপতি অসীম সন্দিকৈৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত হব লগা মুকলি সভাত বিশিষ্ট অতিথি হিচাবে প্ৰবীণ শিক্ষাবিদ ডঃ গিৰিন গগৈ ,ডঃ গৰ্কী বুঢ়াগোহাঁই, ডিম্বেশ্বৰ গগৈ , ছাত্ৰ নেতা অচ্যুত বৰগোঁহাই উপস্থিত থাকিব ।

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট লেখক, নিবন্ধকাৰ , ডিব্ৰুগড় জিলাৰ প্ৰবীণ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে অংশগ্ৰহণ কৰিব । উদযাপন সমিতিয়ে উৎসৱটি সাফল্যমণ্ডিত কৰাৰ বাবে জ্ঞাতিবৰ্গ আৰু সকলো শ্ৰেণী ৰাইজৰ দিহা পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।