ঢকুৱাখনাত প্ৰতিষেধক দিয়াৰ পাছতে নব জাতকৰ অকাল বিয়োগ 
লখিমপুৰ

ঢকুৱাখনাত প্ৰতিষেধক দিয়াৰ পাছতে নব জাতকৰ অকাল বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: অৱধাৰিতভাবেই ঢকুৱাখনাৰ সৰ্বত্ৰতে ধ্বনিত হৈছে মৃত্যুৰ কিৰিলী। প্ৰতি দিনেই নাগৰিকৰ অস্বাভাৱিক মৃত্যুৰ খবৰে ঢকুৱাখনা মহকুমাৰ পৰিবেশ শোকাচন্ন কৰি আহিছে। শেহতীয়াভাবে এটি নবজাতকৰ মৰ্মান্তিক মৃত্যুৰ সংবাদে পুনৰ শোকৰ বন্যা বোৱাইছে ঢকুৱাখনাত। 

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত হুজ গাঁৱৰ বলীন দাস আৰু গীতামণি দাসৰ এটি এমা ডিমা নবজাতক প্ৰতিষেধক লোৱাৰ পাছতে অকাল মৃত্যুক সাৱটি লোৱাৰ মৰ্মান্তিক ঘটনাৰ অভিযোগে পুনৰ শোকাচন্ন কৰি তুলিছে ঢকুৱাখনা। ঘটনাৰ বিবৰণী অনুসৰি যোৱা ১২জুনত ঢকুৱাখনা মিলন নগৰৰ অংগনৱাদী কেন্দ্ৰত অনুষ্ঠিত ভেকচিনেচন শিবিৰত দাস দম্পতিৰ নবজাতকক তিনি মহীয়া প্ৰতিষেধক প্ৰদান কৰিছিল ঢকুৱাখনা স্বাস্থ্য বিভাগৰ পৰিচাৰিকাই।

যোৱা ১৩ মাৰ্চত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত জন্ম গ্ৰহণ কৰা সুঠাম নবজাতকটিক স্থানীয় আশা কৰ্মী দীপালি দাসৰ উপস্থিতি আৰু সহযোগিতাত ঢকুৱাখনা স্বাস্থ্য বিভাগৰ নাৰ্ছ এগৰাকীয়ে ১২জুনৰ দুপৰীয়া প্ৰায় ১০-৩০ বজাত প্ৰতিষেধক প্ৰদান কৰাৰ পাছত বিয়লিলৈ প্ৰচণ্ড জ্বৰ উঠে নবজাতকৰ। পাছদিনা বৃহস্পতিবাৰৰ আগবেলাও বহুত জ্বৰ উঠা আৰু খাবলৈ মন নকৰা আদি কিছু অস্বাভাৱিক আচৰণ কৰাত মাতৃয়ে স্থানীয় আশা কৰ্মী দীপালি দাসৰ অৱগত কৰি পৰামর্শ বিচাৰে ।

কিন্তু আশা কৰ্মীগৰাকীয়ে তিনিদিনৰ পাছত আৰোগ্য হ'ব বুলি স্বাভাৱিকভাবে  কৈ সদ্যোজাতৰ মাতৃক জনাবলৈ দিয়ে। এনেদৰে দিনটো থকাৰ পাছত নিশা নবজাতক শোৱাৰ পাছত শুকুৰবাৰে পুৱা বিচনাতে মৰ্মান্তিকভাবে মৃত অৱস্থাত উদ্ধাৰ হয় নবজাতক।

স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মতে সদ্যোজাতকক প্ৰতিষেধক বেজী প্ৰদানৰ পাছতে অস্বাভাৱিক আচৰণ কৰা বুলি দুৰ্ভগীয়া আত্মীয়ই অভিযোগ তুলি সুস্থ, নিৰোগী, স্বাভাৱিকভাবেই দিন কটোৱা স্বাস্থ্যবান শিশুটিৰ মৃত্যুৰ কাৰণ ক্ৰুটিপূৰ্ণ প্ৰতিষেধক প্ৰদান বুলি আশংকা কৰিছে। দুৰ্ভগীয়া পৰিয়ালটোৰ আত্মীয়ই জনোৱা মতে যোৱা ২৭ মে'ত এই প্ৰতিষেধক প্ৰদান কৰিব লগীয়া আছিল। কিন্তু উক্ত দিনা এই প্ৰতিষেধক প্ৰদান কৰা নাছিল ।

ইয়াৰ পৰিবৰ্তে যোৱা ১২জুনত এই প্ৰতিষেধক প্ৰদান কৰা হৈছিল যদিও অতি লক্ষণীয়ভাবে উক্ত প্ৰতিষেধক প্ৰদান কাৰ্ডত পূৰ্বৰ ২৭ মে'ত এই প্ৰতিষেধক প্ৰদান কৰাতো লিপিবদ্ধ কৰি দেখুৱাইছিল নাৰ্ছ আৰু আশাকৰ্মীয়ে । এই ক্ৰুটিপূৰ্ণ বিষয়টো আত্মীয়ৰ পৰ্যবেক্ষণত পোহৰলৈ অহাত শুকুৰবাৰে দুপৰীয়া মৃতকৰ ঘৰলৈ আহি আশা কৰ্মী দীপালি দাসে নবজাতকৰ পঞ্জীয়ন কাৰ্ডখন খুজি লৈ যায় ।

লগতে বিষয়টো ৰাজহুৱা নকৰিবলৈ সকীয়াই যায় বুলি জানিবলৈ দিয়ে আত্মীয়ই। এটি স্বাস্থ্যবান শিশুৰ এনে আকস্মিক বিয়োগৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে ঢকুৱাখনাত। দুৰ্ভগীয়া পৰিয়ালতোলৈ নামি অহা মৰ্মান্তিক শোকৰ বন্যাৰ কাৰণ স্বাস্থ্য বিভাগৰ প্ৰতিষেধক প্ৰদান বুলি প্ৰাথমিক ভাবে আশংকা কৰা হৈছে শোকাকুল আত্মীয় স্বজনৰ তৰফৰ পৰা ।

অৱশ্যে নবজাতকৰ মৃত্যুৰ  সঠিক কাৰণ তদন্তই হে স্পষ্ট কৰিব। এতিয়াও প্ৰকৃত সত্য পোহৰলৈ নহা এই মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰিছে ঢকুৱাখনা মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ডাঃ মনেশ্বৰ সোনোৱালে । এই সন্দৰ্ভত এক নিৰ্দেশনা বাহিৰ কৰিছে  ঢকুৱাখনা মহকুমা স্বাস্থ্য বিভাগে।