লখিমপুৰ

প্ৰবীণ কংগ্ৰেছ নেতা কনক বৰুৱাৰ বিয়োগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা বিধানসভা সমষ্টিৰ পশ্চিম  মাছখোৱা অঞ্চলৰ এগৰাকী বৰ্ষীয়ান আত্মোৎস্বৰ্গী কংগ্ৰেছ নেতা, বিশিষ্ট নাগৰিক কনক বৰুৱাৰ শনিবাৰে দেহাৱসান ঘটে। ঘাৰমৰা গাঁৱৰ নিজা বাসভৱনত বিশিষ্ট সমাজকৰ্মী তথা  বয়স্ক হোমিঅ' চিকিৎসাকৰ্মী গৰাকীয়ে শনিবাৰে বিয়লি প্ৰায় ৫-২৬ বজাত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। 

ধেনুষণা বাটমাৰী গাঁও পঞ্চায়তৰ  কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈ পঞ্চায়ত সভাপতি আৰু ৱাৰ্ড সদস্যৰ বৰেণ্য জনদায়বদ্ধ সেৱা আগবঢ়াই যোৱা কনক বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৮৭ বছৰ। মৃত্যুৰ সময়ত বৰুৱাই পত্নী, দুই পুত্ৰ আৰু দুগৰাকী জী সহ অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। প্ৰবীণ সমাজপ্ৰাণ  বৰুৱাৰ মৃত্যুত ধেমাজি আৰু ঢকুৱাখনা  বিধানসভা সমষ্টিৰ সকলো কংগ্রেছ নেতা কৰ্মীয়ে গভীৰ দুখ প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে।