লখিমপুৰ

লখিমপুৰত ৰন্ধনকৰ্মীৰ ক্ষোভ ! বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক নিদিয়ে ভোট...

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : লখিমপুৰ জিলাৰ বিদ্যালয়সমূহত নিয়োজিত মধ্যাহ্ন ভোজন কৰ্মীসকল দীৰ্ঘ সময় ধৰি আৰ্থিক নিৰাপত্তাহীনতা ভোগ কৰি অহাৰ খবৰ পোহৰলৈ আহিছে। বছৰ বছৰ ধৰি প্ৰতিটো কৰ্মদিনৰ পুৱা ৯-০০ বজাৰ পৰা বিয়লি ৩-০০ বজালৈ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পুষ্টিকৰ খাদ্য যোগান ধৰি অহা এইসকল কৰ্মীৰ বৰ্দ্ধিত পৰিতোষিক প্ৰদানৰ ক্ষেত্ৰত শাসনাধিষ্ঠিত চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

'মাত্ৰ ১,০০০ টকাৰ মাহিলী বেতনৰ বিনিময়ত এগৰাকী চৰকাৰী কৰ্মচাৰীৰ দৰেই সেৱা আগবঢ়াই অহা মধ্যাহ্ন ভোজন কৰ্মীসকলতকৈ অৰুণোদই আঁচনিৰ হিতাধিকাৰীসকলে অধিক মাননি লাভ কৰে। এয়া খাটি খোৱা ৰন্ধন কৰ্মীসকলৰ প্ৰতি চূড়ান্ত অন্যায় অবিচাৰ।' এই মন্তব্য সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন লখিমপুৰ জিলা সমিতিৰ সম্পাদিকা মায়াৱতী পায়েংৰ ।

উল্লেখ কৰা প্ৰয়োজন যে,মঙলবাৰে ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰিত সোণাৰী চাপৰি ,ডাংধৰা ,কেঁকুৰী আৰু পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ শাখা সমিতিসমূহৰ সভানেত্ৰী,সম্পাদিকাসকলকলৈ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰি জিলা সমিতিৰ সম্পাদিকা পায়েঙে ক্ষোভ প্ৰকাশ কৰে।

"ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাৰ ৫ হাজাৰ ৭৮ গৰাকী ৰন্ধন কৰ্মীয়ে খৰিৰ জুই জ্বলাই , চাউল চাই, বজাৰ কৰি কৰি কণ কণ শিক্ষাৰ্থীসকলক পুষ্টিকৰ খাদ্য খুৱাই আহিছে। এগৰাকী চৰকাৰী কৰ্মচাৰীৰ দৰেই কৰ্মত নিয়োজিতহৈ সেৱা প্ৰদান কৰি অহা এইসকল কৰ্মীৰ মাহিলী পৰিতোষিক ১০হাজাৰলৈ বৃদ্ধি কৰা ,চাকৰি নিয়মীয়া কৰা আদি বিভিন্ন দাবী সন্দৰ্ভত বহুবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অৱগত কৰি অহা হৈছে।

কিন্তু কেৱল হিতাধিকাৰীকহে গুৰুত্ব দিয়া বিজেপি চৰকাৰে শ্ৰমজীৱী এইসকল কৰ্মীৰ প্ৰতি গুৰুত্ব নিদিয়ে" বুলি জিলা সমিতিৰ সম্পাদিকাগৰাকীয়ে মন্তব্য কৰে। লগতে কয়- এইবাৰ এনে উদাসীন দল আৰু চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰা বুলি মন্তব্য কৰে।

ইফালে শতাধিক বিষয়ববীয়া উপস্থিত থকা উক্ত সভাত ঢকুৱাখনা মহকুমাৰ লগতে লখিমপুৰ জিলাৰ ২৫ হাজাৰ ৰন্ধন কৰ্মীৰ পৰিয়ালৰ সদস্যই আগন্তুক লোকসভা নিৰ্বাচনত গেৰুৱা দলৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ সমূহীয়া সিদ্ধান্ত ব্যক্ত কৰে। অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ৰন্ধনকৰ্মীসকলে আগবঢ়াই অহা গুণগত সেৱাৰ মৰ্যাদা দিব নোখোজা চৰকাৰৰ এনে গুৰুত্বহীন স্থিতিৰ বিৰুদ্ধে ঐক্যবদ্ধ হুংকাৰ দি বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সবল বিৰুদ্ধাচৰণ কৰিব বুলি উল্লেখ কৰে।

লগতে সমাগত লোকসভা নিৰ্বাচনত সমষ্টিটোৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক ভোট প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি স্পষ্টকৈ উল্লখ কৰে।সভাত উপস্থিত সকলো বিষয়ববীয়াই নিজৰ আৰ্থিক আৰু চাকৰিৰ নিৰাপত্তা প্ৰদানৰ স্বাৰ্থত জিলা সন্থাৰ এই সিদ্ধান্তলৈ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ সহমত পোষণ কৰে।