লখিমপুৰ

দলীয় হস্তক্ষেপত গাদী বাচিল ক্ষমতান্ধ পৌৰপতি ৰাজীৱ দাসৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : ক্ষমতাৰ খকত একপ্ৰকাৰ বলিয়ান হৈছে ঢকুৱাখনা পৌৰ সভাৰ পৌৰপতি  ৰাজীৱ দাস । নিজকে সৰ্বময় কর্তা হিচাপে জাহিৰ কৰি অহা এইগৰাকী পৌৰপতি দাসে ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী আৰু ৰাজহুৱা ভূমি বেদখলত নামি পৰাৰ পাছত শেহতীয়াকৈ পৌৰসভাৰ আঁচনি মাত্ৰেই কমিছনৰ  ৰম্যভূমি  কৰি তোলাৰ  ব্যাপক ৰাজহুৱা অভিযোগ পৌৰসভাৰ ভিতৰৰ পৰাই উত্থাপিত হৈ আহিছে।

তাৰোপৰি সমগ্ৰ পৌৰ সভাৰ পাৰিষদখন নিজৰ খেয়াল খুচি মতে পৰিচালনা কৰি , পৌৰসভাৰ অন্যান্য ৱাৰ্ড কমিচনাৰ সকলক গুৰুত্বহীন আৰু অৱজ্ঞা কৰি মইমতালি নীতিৰে পৰিচালনা  কৰি অহাত অতিষ্ঠ হৈ পৰিছে নিষ্ঠাৱান ৱাৰ্ড কমিচনাৰসকল। বাৰম্বাৰ এই স্বেচ্ছাচাৰী নীতি ত্যাগ কৰি সাৰ্বজনীন নীতিৰে পৌৰসভাখন পৰিচালনা কৰি দ্ৰুত উন্নয়ন সাধন কৰাৰ আহ্বান জনাই আহিছিল মুঠ ৯ টা ৱাৰ্ডৰ কমিচনাৰসকলে।

পিছে নিৰ্বাচিত এইসকল ৱাৰ্ড কমিচনাৰৰ গঠনমূলক পৰামর্শলৈ আঙুষ্ঠ দেখুৱাই দাম্ভিক পৌৰপতি দাসে অব্যাহত ৰাখি আহিছে দৌৰাত্ম্য। পৰিণতিত অতিষ্ঠ মুঠ ১০ টা ৱাৰ্ডৰ ভিতৰত ৯ গৰাকী ৱাৰ্ড কমিচনাৰে ঐক্যবদ্ধ হৈ ঢকুৱাখনা পৌৰ সভাখনক স্বচ্ছ দুৰ্নীতিমুক্ত আৰু জনসমাদৃত কৰি তোলাৰ বৃহত্তৰ স্বাৰ্থত পৌৰপতি দাসৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰি ঢকুৱাখনা মণ্ডল বিজেপি আৰু জিলা বিজেপি সমিতিক অলপতে লিখিত অভিযোগ পত্ৰ প্ৰদান কৰিছিল।

পত্ৰখনত মুঠ ৯ গৰাকী ৱাৰ্ড কমিচনাৰে বহুকেইটা স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰি প্ৰাৰম্ভতে যিহেতু সকলো ৱাৰ্ড কমিছনাৰ গেৰুৱা দলৰে, সেয়ে দলৰ জিলা আৰু মণ্ডল সভাপতিৰ দৃষ্টিগোচৰ কৰি অনাস্থা প্ৰস্তাৱ অনাৰ সিদ্ধান্ত গ্ৰহণৰ পত্ৰ প্ৰদান কৰে । এই সন্দৰ্ভত শুকুৰবাৰে জিলা আৰু মণ্ডল বিজেপিৰ সভাপতিদ্বয়ৰ আহ্বান ক্ৰমে সকলো বিতুষ্ট ৱাৰ্ড কমিচনাৰ আৰু পৌৰপতি দাসৰ উপস্থিতিত দলীয় কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত সমাগত নিৰ্বাচন ,বিধায়ক নৱ দলেৰ জনভিত্তি হ্ৰাস আৰু দলৰ সুনামত আঘাত হোৱাৰ আশংকা কৰি এই অনাস্থা প্ৰস্তাৱৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অতিষ্ঠ বিতুষ্ট কমিচনাৰ সকলক আহ্বান জনায় আৰু এই ক্ষেত্ৰত পৌৰপতি দাসৰ মাতব্বৰী শাসন নীতি পৰিহাৰ কৰাৰ কঠোৰ নিৰ্দেশ দিয়ে । চৰকাৰী আঁচনি সমূহ সম্প্ৰীতি আৰু পাৰিষদসকলৰ সহমতৰ ভিত্তিত ৰূপায়ন কৰাৰ নিৰ্দেশ দি পৌৰপতি দাসক এই ক্ষেত্ৰত অধিক সতৰ্ক হোৱাৰ সকীয়নী দিয়ে দলীয় নেতৃত্বই।

দলীয় নেতৃত্বৰ সকীয়নীত নিৰ্বাক হৈ গাদীচ্যুত হোৱাৰ আশঙ্কাত ভোগী ৰাজীৱ দাস নীতিনিষ্ঠ পৌৰ আয়ুক্ত সকলৰ পদানত হোৱাত পৌৰপতি দাসৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন প্ৰক্ৰিয়া স্থগিত ৰখাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে ৱাৰ্ড কমিচনাৰ সকলে । পৰৱৰ্তী সময়ত অতিষ্ঠ ৱাৰ্ড কমিচনাৰ সকলৰ সৈতে পৌৰপতি দাসে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি অনাগত সময়ত ঐক্যবদ্ধতাৰে পৌৰসভাৰ উন্নয়নমূলক কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হবলৈ বাধ্য হয় ।

জনপ্ৰতিনিধিত্বৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী আঁচনি মানেই খিৰতী গাই গণ্য কৰা দাস ক্ষমতাচ্যুত হোৱাৰ পৰা এবাৰলৈ ৰক্ষা পৰিল দলীয় নেতৃত্বৰ হস্তক্ষেপত । পৰৱৰ্তী সময়ত দাসৰ সৰ্বগ্ৰাসী স্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দলীয় নেতৃত্বৰ সকীয়নী অথবা চুক্তিপত্ৰ সক্ষম হয় নে নহয় সেয়া লক্ষণীয় হ'ব ।